বাঢ়িছে কয়দী, সেয়ে চৰকাৰে ভাড়াত বিচাৰিছে কাৰাগাৰ। ক’ত?

কাৰাগাৰত কয়দীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে, শেহতীয়াকৈ ভাড়াত কাৰাগাৰ বিচাৰি আছে ডেনমাৰ্কে। এই ক্ষেত্ৰত দেশখনে কছোভোৰ সৈতে চুক্তিবদ্ধ হৈছে, যাৰ অধীনত ভাড়াত দিয়া হ’ব ৩০০ কাৰাগাৰ কোষ। ডেনমাৰ্কে ৫ বছৰৰ প্ৰাৰম্ভিক সময়ৰ বাবে প্ৰতি বছৰে ১৫ নিযুত ইউৰো (প্ৰায় ১,২৮,১৭,২০,০০০ টকা) পৰিশোধ কৰিব আৰু লগতে কছোভোক সেউজ শক্তিৰ বাবে পুঁজি সংগ্ৰহত কৰিব সহায়।

প্ৰকাশিত তথ্য অনুসৰি ডেনমাৰ্কৰ পৰা বিতাড়িত অপৰাধীসকলক এই ভাড়াৰ কাৰাগাৰত ৰখা হ’ব আৰু তেওঁলোকৰ বাবে প্ৰযোজ্য হ’ব ডেনমাৰ্কৰ আইন। কছোভোৰ কাৰাগাৰত বৰ্তমান আছে ৭০০ৰ পৰা ৮০০টা কোঠা, যিবোৰ ব্যৱহাৰ কৰা হোৱা নাই। গতিকে বৰ্তমানে এই কোঠাবোৰ ডেনমার্কক ভাড়াত দি বছৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব। এক বিবৃতি মতে দুয়োখন চৰকাৰে সোমবাৰে এটা ‘ৰাজনৈতিক ঘোষণা’ত স্বাক্ষৰ কৰিছে যাৰ অধীনত কাৰাগাৰসমূহ দিয়া হৈছে ভাড়াত।

কছোভোৱে ২০২৩ চনৰ পৰা ৰাজধানী প্ৰিষ্টিনাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত জিজিলানত অৱস্থিত কাৰাগাৰসমূহ ভাড়া দিয়াৰ পৰা আগন্তুক ১০ বছৰত লাভ কৰিব পাৰে মুঠ ২১০ নিযুত ইউৰো। ডেনমাৰ্কৰ ন্যায় মন্ত্ৰী নিক হেকেৰুপে এক বিবৃতিত কয় যে, “এই চুক্তিয়ে আমাৰ কাৰাগাৰ আৰু ইয়াৰ বিষয়াসকলৰ বোজা হ্ৰাস কৰিব। একে সময়তে ই নিৰ্বাসিত দণ্ডিত তৃতীয় দেশৰ নাগৰিকসকললৈ এক স্পষ্ট সংকেত প্ৰেৰণ কৰে যে আপোনাৰ ভৱিষ্যত ডেনমাৰ্কত নাই।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...