ইজৰাইলৰ আক্ৰমণত নিহত হ’ল মুখ্য সেনাধ্যক্ষকে ধৰি ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া!

ইজৰাইলৰ আকস্মিক আক্ৰমণত বিধ্বস্ত ইৰাণৰ সামৰিক বাহিনী। শুক্ৰবাৰে দুপৰলৈ ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক মেজৰ জেনেৰেল মহম্মদ বাগেৰীৰ মৃত্যু হৈছে। ইৰাণৰ ৰিভলিউশ্যনাৰী গাৰ্ডৰ প্ৰধান কমাণ্ডাৰ জেনেৰেল হোছেন ছালামী আৰু ডেপুটি কমাণ্ডাৰ জেনেৰেল ঘোলামালি ৰশিদৰো মৃত্যু হৈছে। ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ছয়জন পৰমাণু বিজ্ঞানীৰো প্ৰাণহানি ঘটিছে। ইৰাণৰ চৰকাৰী সংবাদ সংস্থা আইআৰএনএই এই সকলোৰে মৃত্যুৰ খবৰ স্বীকাৰ কৰিছে।

নিহত বিজ্ঞানীসকলৰ ভিতৰত আছে ইৰাণৰ পৰমাণু শক্তি সংস্থাৰ প্ৰাক্তন প্ৰধান ফেৰেউদুন আব্বাছি। আইআৰএনএই জনোৱা মতে, ইৰাণৰ ৰাজধানী তেহৰানৰ বিভিন্ন আবাসক লক্ষ্য কৰি আকাশপথেৰে আক্ৰমণ চলোৱা হৈছে।

আনহাতে, ইজৰাইলৰ আক্ৰমণৰ পিছতেই ইৰানে প্ৰত্যাঘাতৰ হুংকাৰ দিছে। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেই এখন বিবৃতিত ইজৰাইলক ‘কঠোৰ শাস্তি’ৰ হুংকাৰ দিছে। বিবৃতিত কোৱা হৈছে, ইজৰাইলে বেয়া পৰিণতিৰ বাবে সাজু থাকক। ইৰাণৰ সামৰিক বাহিনীৰ এটা সূত্ৰৰ উদ্ধৃতিৰে ৰয়টাৰ্ছ সংবাদ সংস্থাই জনোৱা মতে, তেহৰানে ইজৰাইলত প্ৰত্যাক্ৰমণৰ পৰিকল্পনা কৰিছে। সম্ভাৱ্য আক্ৰমণৰ আশংকাত ইজৰাইলে দেশত জৰুৰী পৰিস্থিতি ঘোষণা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...