এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমানৰ পথ সলনি

শুকুৰবাৰে ইজৰাইলে ইৰাণৰ পৰমাণু কেন্দ্ৰত আক্ৰমণ চলোৱাৰ পিছত ইৰাণে নিজৰ আকাশী পথ বন্ধ কৰি দিয়াত এয়াৰ ইণ্ডিয়াৰ ১১খন বিমানৰ পথ সলনি কৰা হৈছে আৰু পাঁচখন বিমান ঘূৰাই পঠিওৱা হৈছে। ফ্লাইটৰাডাৰ24 নামৰ বিমান অনুসৰণ প্লেটফৰ্মৰ তথ্য অনুসৰি, ইৰাণৰ আকাশী পথ এতিয়া সম্পূৰ্ণৰূপে খালী হৈ পৰিছে।

প্ৰভাৱিত বিমানসমূহৰ ভিতৰত আছিল লণ্ডন হিথ্ৰ’ বিমানবন্দৰৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান। AI2016 নম্বৰৰ এই বিমানখনে ভাৰতীয় সময় অনুসৰি নিশা ১০ বাজি ১৭ মিনিটত লণ্ডন হিথ্ৰ’ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল, কিন্তু বিমানখন ভিয়েনালৈ ডাইভাৰ্ট কৰা হৈছিল। ফ্লাইটৰাডাৰ24ৰ ৰিয়েল-টাইম তথ্যই এই কথা নিশ্চিত কৰিছে।

আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কৰ্তৃপক্ষই এই পথ সলনিৰ কথা নিশ্চিত কৰি কয়, “ইৰাণৰ আকাশী পথ বন্ধ হোৱাৰ বাবে সতৰ্কতা হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।”

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, “ইৰাণত সৃষ্টি হোৱা পৰিস্থিতি আৰু তাৰ পিছত আকাশী পথ বন্ধ হোৱাৰ বাবে, যাত্ৰীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি আমি কিছুমান বিমানৰ পথ সলনি কৰিছো আৰু কিছু  ফ্লাইট  ঘূৰাই পঠিয়াইছো।”

তিনিখন বিমান জেদ্দা আৰু ভিয়েনালৈ, দুখনকৈ বিমান শ্বাৰজাহ আৰু ফ্ৰাংকফুৰ্টলৈ আৰু এখন বিমান মুম্বাইলৈ পথ সলনি কৰা হৈছে। ইয়াৰ উপৰি, দুখন বিমান মুম্বাইলৈ আৰু তিনিখন বিমান দিল্লীলৈ ঘূৰাই পঠোৱা হৈছে।

এয়াৰ ইণ্ডিয়াই কয়, “এই অপ্ৰত্যাশিত বিঘিনিৰ বাবে যাত্ৰীসকলৰ অসুবিধাৰ কাৰণে আমি দুঃখিত। আমি এই অসুবিধা কম কৰাৰ সকলো প্ৰচেষ্টা চলাইছো। যাত্ৰীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে, লগতে বাতিলৰ ক্ষেত্ৰত ৰিফাণ্ড বা বিনামূলীয়া পুনঃনিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ যোৱাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।”

প্ৰভাৱিত বিমানসমূহৰ তালিকা আগবঢ়োৱা হল –

AI2016 – লণ্ডন হিথ্ৰ’-দিল্লী – ভিয়েনালৈ ডাইভাৰ্ট কৰি ফ্ৰেংকফৰ্ট হৈ দিল্লীলৈ

AI130 – লণ্ডন হিথ্ৰ’-মুম্বাই – ভিয়েনালৈ ডাইভাৰ্ট কৰা হৈছে

AI102 – নিউয়ৰ্ক-দিল্লী – শ্বাৰজাহলৈ ডাইভাৰ্ট কৰা হৈছে

AI116 – নিউয়ৰ্ক-মুম্বাই – জেদ্দালৈ ডাইভাৰ্ট কৰা হৈছে

AI2018 – লণ্ডন হিথ্ৰ’-দিল্লী – মুম্বাইলৈ ডাইভাৰ্ট

AI129 – মুম্বাই-লণ্ডন হিথ্ৰ’ – মুম্বাইলৈ উভতি আহিল

AI119 – মুম্বাই-নিউয়ৰ্ক – মুম্বাইলৈ উভতি আহিল

AI103 – দিল্লী-ৱাশ্বিংটন – দিল্লীলৈ উভতি আহিল

AI106 – নেৱাৰ্ক-দিল্লী – দিল্লীলৈ উভতি আহিল

AI188 – ভেংকুৱাৰ-দিল্লী – জেদ্দালৈ ডাইভাৰ্ট কৰা হৈছে

AI101 – দিল্লী-নিউয়ৰ্ক – ফ্ৰেংকফৰ্ট/মিলানলৈ ডাইভাৰ্ট কৰা হৈছে

AI126 – চিকাগো-দিল্লী – জেদ্দালৈ ডাইভাৰ্ট কৰা হৈছে

AI132 – লণ্ডন হিথ্ৰ’-বেংগালুৰু – শ্বাৰজাহলৈ ডাইভাৰ্ট কৰা হৈছে

AI104 – ৱাশ্বিংটন-দিল্লী – ভিয়েনালৈ ডাইভাৰ্ট কৰা হৈছে

AI190 – টৰন্টো-দিল্লী – ফ্ৰেংকফৰ্টলৈ ডাইভাৰ্ট কৰা হৈছে

AI189 – দিল্লী-টৰন্টো – দিল্লীলৈ উভতি আহিল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস।কনভয়ত ৫০% বাহন হ্ৰাস...

পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ স্বাস্থ্য

উন্নত পৰ্যবেক্ষণৰ বাবে অৱশ্যে এতিয়াও অজিত কুমাৰ ভূঞাক ৰখা...

অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত...

চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।প্ৰথমখন...