মঙলবাৰে আহি আছে প্ৰধানমন্ত্ৰী মোদী, উদ্বোধন কৰিব এইসমূহ প্ৰকল্প

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আহিব উত্তৰ-পূৰ্বাঞ্চললৈ। মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। একাধিক প্ৰকল্প উদ্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে। ত্ৰিপুৰাত মোদীয়ে মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰৰ শেহতীয়া একত্ৰিত টাৰ্মিনেল উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা আৰু বিদ্যাজ্যোতি বিদ্যালয়ৰ প্ৰকল্প মিছনৰো শুভাৰম্ভ কৰিব মোদীয়ে।


প্ৰধানমন্ত্ৰী মোদীয়ে ৪,৮০০ কোটি টকাৰ ২২টা প্ৰকল্প স্থাপন কৰিব। ইম্ফলত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ১,৮৫০ কোটি টকাৰ ১৩খন আঁচনি উদ্বোধন কৰিব। প্ৰায় ২,৯৫০ কোটি টকাৰ ৯টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰতিষ্ঠানবোৰে পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰীয় বিকাশ, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা সম্প্ৰসাৰণ, আৰু কলা-সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডৰ উন্নয়ন সাধন কৰিব।


ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ১,৭০০ কোটি টকাৰ অধিক ব্যয়েৰে ৫টা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ১১০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ এই ঘাইপথসমূহৰ নিৰ্মাণে যোগাযোগ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব। আন এক গুৰুত্বপূৰ্ণ আঁচনিৰো আধাৰশিলা স্থাপন কৰিব যিয়ে ইম্ফলৰ পৰা শিলচৰলৈ যোগাযোগ উন্নত কৰিব আৰু যান-জঁট হ্ৰাস কৰিব। ৭৫ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৰাক নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব।


ইয়াৰ লগতে ৬৫ কোটি টকীয়া খোৱাপানী যোগান আঁচনিৰো শুভাৰম্ভ কৰিব। এই প্ৰকল্পই তামেংলং জিলাৰ ১০টা বাসগৃহৰ স্থানীয় লোকসকলক বিশুদ্ধ খোৱাপানী প্ৰদান কৰিব। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৬০ কোটি টকাৰ ইম্ফলত এখন কৰ্কট ৰোগ নিৰাময়ৰ বাবে চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...