কাইলৈ অনুষ্ঠিত নহয় ‘নিয়োগ মেলা’, ৰিহাবাৰীৰ নিয়োগ মেলা বাতিল

৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘নিয়োগ মেলা’ বাতিল কৰা হৈছে। অনিবাৰ্য কাৰণবশতঃ বাতিল কৰা হৈছে ‘নিয়োগ মেলা’। ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কাৰ্যালয়ে প্ৰকাশ কৰিছে এই কথা। ‘নেচনেল কেৰিয়াৰ চাৰ্ভিচ প্ৰজেক্ট’তে অনুষ্ঠিত কৰাৰ কথা আছিল ‘নিয়োগ মেলা’। অৱশ্যে কেতিয়া পুনৰ অনুষ্ঠিত হব সেই সন্দৰ্ভত স্পষ্টভাবে কোনো তথ্য প্ৰকাশ কৰা নাই।

ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা নিয়োগ মেলাত ব্যাপক বেমেজালিৰ সৃষ্টি হৈছিল। চাকৰি বিচাৰি নিয়োগ মেলা আয়োজন কৰা কেন্দ্ৰত হাজাৰ হাজাৰ কৰ্মহীন নিবনুৱাই ভিৰ কৰিছিল। ইয়াৰ ফলত এক বিশৃংখলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। একাংশ প্ৰতিষ্ঠানে নিৰ্ধাৰিত সময়ৰ পূৰ্বে নিয়োগ মেলাৰ পৰা প্ৰস্থান কৰিছিল। আন একাংশই প্ৰপত্ৰ আৰু বায়ডাটাসমূহ পেলাই থৈ যোৱাৰ ফটো-ভিডিঅ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ পিছত দুগৰাকী বিষয়াক নিলম্বন কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লগতে তদন্ত কৰাৰো নিৰ্দেশ দিছিল মন্ত্ৰীগৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...