অভিনেতা জন আব্ৰাহাম আক্ৰান্ত ক’ভিড, পত্নীৰ দেহতো পোৱা গৈছে ক’ৰণা ভাইৰাছ

নৱবৰ্ষৰ আৰম্ভণিৰে পৰা অব্যাহত আছে ক’ভিডৰ সংহাৰ। ইজনৰ পিছত সিজন তাৰকা আক্ৰান্ত হৈছে মাৰাত্মক ক’ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক’ভিড ভাইৰাছত। পত্নী প্ৰিয়া ৰুঞ্চালৰ দেহতো পোৱা গৈছে কভিড ভাইৰাছ। আমি দুয়োগৰাকীয়ে ভেকচিন গ্ৰহণ কৰিছিলো। দুয়োপালি ভেকচিন লোৱাৰ পাছতো আমি আক্ৰান্ত হৈছো কভিডত। আমাৰ শৰীৰত সামান্য কভিডৰ লক্ষণ দেখা গৈছিল। সন্দেহ উপজাত কভিড টেষ্ট কৰা হৈছিল আৰু ফলাফল অহাত নিশ্চিত হল দুয়োৰে দেহত কভিড। কভিডত আক্ৰান্ত হোৱাৰ পিছতে এইদৰে সদৰি কৰিছে অভিনেতাজনে।

উল্লেখ্য যে, জন আব্ৰাহাম কেৱল অভিনেতাই নহয়, নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ স্বত্ত্বাধিকাৰীৰ লগতে এগৰাকী ক্ৰীড়া সংগঠক। তাৰোপৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে অভিনেতাগৰাকী। শৰীৰ চৰ্চাত অতি সচেতন অভিনেতাগৰাকীয়ে সকলোকে সাৱধান হোৱাৰ আহ্বান জনাইছে।


উল্লেখ্য যে, জন আব্ৰাহামক মোহিত চুৰিৰ ব্লকবাষ্টাৰ এক ভিলেইনৰ ৰিমেকত দেখা যাব। এক ভিলেন 2 চলিত বছৰৰ ৮ জুলাইত মুক্তি পোৱাৰ কথা। এই চলচ্চিত্ৰখনত জনৰ লগতে অৰ্জুন কাপুৰ, দিশা পাটনি আৰু তাৰা চুটাৰিয়াই অভিনয় কৰিছে।


চৰফৰোশ 2 চিনেমাখনত দেখা যাব জন আব্ৰাহামক। ১৯৯৯ চনৰ ব্লকবাষ্টাৰ চৰফৰোশৰ চিকুৱেল হ’ব, য’ত আমিৰ খান, সোণালী বেন্দ্ৰে আৰু নাছিৰুদ্দিন শ্বাহে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। জন মেথিউ মাথানে ব্লকবাষ্টাৰৰ চিকুৱেল নিৰ্মাণৰ লগে লগে জন আব্ৰাহামক চুক্তিবদ্ধ কৰে।


সাধে চাট্টি এনিছ বাজমীৰ আন এখন চলচ্চিত্ৰ য’ত জন আব্ৰাহাম অভিনয় কৰিব। এই চিনেমাখন মূলতঃ অজয় দেৱগনে অভিনয় কৰাৰ কথা আছিল যদিও তাৰিখৰ সমস্যাৰ বাবে কৰিব নোৱাৰিলে। যাৰ পৰিপ্ৰেক্ষিতত জন আব্ৰাহামে পালে সুযোগ।


1911 চিনেমাখনতো অভিনয় কৰিব জন আব্ৰাহামে। মাদ্ৰাজ কেফেৰ পিছত এইখন সুজিত চিৰকাৰ আৰু জন আব্ৰাহাম দুয়োৰে দ্বিতীয়খন ছবি হ’ব।


চোৰ নিকল কে ভাগা জন আব্ৰাহামৰ আহিব লগা আন এখন চিনেমা। অমৰ কৌশিকৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন জে এ এণ্ট, ক্ৰিএজে এণ্ট, ৰাজ কুমাৰ গুপ্তাই প্ৰযোজনা কৰিব। চলচ্চিত্ৰখনত জন অব্ৰাহান আৰু তামান্না ভাটিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...