অভিনেতা জন আব্ৰাহাম আক্ৰান্ত ক’ভিড, পত্নীৰ দেহতো পোৱা গৈছে ক’ৰণা ভাইৰাছ

নৱবৰ্ষৰ আৰম্ভণিৰে পৰা অব্যাহত আছে ক’ভিডৰ সংহাৰ। ইজনৰ পিছত সিজন তাৰকা আক্ৰান্ত হৈছে মাৰাত্মক ক’ভিডত। এইবাৰ অভিনেতা জন আব্ৰাহাম আক্ৰান্ত হৈছে ক’ভিড ভাইৰাছত। পত্নী প্ৰিয়া ৰুঞ্চালৰ দেহতো পোৱা গৈছে কভিড ভাইৰাছ। আমি দুয়োগৰাকীয়ে ভেকচিন গ্ৰহণ কৰিছিলো। দুয়োপালি ভেকচিন লোৱাৰ পাছতো আমি আক্ৰান্ত হৈছো কভিডত। আমাৰ শৰীৰত সামান্য কভিডৰ লক্ষণ দেখা গৈছিল। সন্দেহ উপজাত কভিড টেষ্ট কৰা হৈছিল আৰু ফলাফল অহাত নিশ্চিত হল দুয়োৰে দেহত কভিড। কভিডত আক্ৰান্ত হোৱাৰ পিছতে এইদৰে সদৰি কৰিছে অভিনেতাজনে।

উল্লেখ্য যে, জন আব্ৰাহাম কেৱল অভিনেতাই নহয়, নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ স্বত্ত্বাধিকাৰীৰ লগতে এগৰাকী ক্ৰীড়া সংগঠক। তাৰোপৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে অভিনেতাগৰাকী। শৰীৰ চৰ্চাত অতি সচেতন অভিনেতাগৰাকীয়ে সকলোকে সাৱধান হোৱাৰ আহ্বান জনাইছে।


উল্লেখ্য যে, জন আব্ৰাহামক মোহিত চুৰিৰ ব্লকবাষ্টাৰ এক ভিলেইনৰ ৰিমেকত দেখা যাব। এক ভিলেন 2 চলিত বছৰৰ ৮ জুলাইত মুক্তি পোৱাৰ কথা। এই চলচ্চিত্ৰখনত জনৰ লগতে অৰ্জুন কাপুৰ, দিশা পাটনি আৰু তাৰা চুটাৰিয়াই অভিনয় কৰিছে।


চৰফৰোশ 2 চিনেমাখনত দেখা যাব জন আব্ৰাহামক। ১৯৯৯ চনৰ ব্লকবাষ্টাৰ চৰফৰোশৰ চিকুৱেল হ’ব, য’ত আমিৰ খান, সোণালী বেন্দ্ৰে আৰু নাছিৰুদ্দিন শ্বাহে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। জন মেথিউ মাথানে ব্লকবাষ্টাৰৰ চিকুৱেল নিৰ্মাণৰ লগে লগে জন আব্ৰাহামক চুক্তিবদ্ধ কৰে।


সাধে চাট্টি এনিছ বাজমীৰ আন এখন চলচ্চিত্ৰ য’ত জন আব্ৰাহাম অভিনয় কৰিব। এই চিনেমাখন মূলতঃ অজয় দেৱগনে অভিনয় কৰাৰ কথা আছিল যদিও তাৰিখৰ সমস্যাৰ বাবে কৰিব নোৱাৰিলে। যাৰ পৰিপ্ৰেক্ষিতত জন আব্ৰাহামে পালে সুযোগ।


1911 চিনেমাখনতো অভিনয় কৰিব জন আব্ৰাহামে। মাদ্ৰাজ কেফেৰ পিছত এইখন সুজিত চিৰকাৰ আৰু জন আব্ৰাহাম দুয়োৰে দ্বিতীয়খন ছবি হ’ব।


চোৰ নিকল কে ভাগা জন আব্ৰাহামৰ আহিব লগা আন এখন চিনেমা। অমৰ কৌশিকৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন জে এ এণ্ট, ক্ৰিএজে এণ্ট, ৰাজ কুমাৰ গুপ্তাই প্ৰযোজনা কৰিব। চলচ্চিত্ৰখনত জন অব্ৰাহান আৰু তামান্না ভাটিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...