কিমান ভয়াৱহ আছিল উমৰাংছ’ৰ বিস্ফোৰণ? ১০খন ছবিয়ে ক’ব ৩ কৰ্মচাৰীৰ মৃত্যুৰ ভয়াৱহতা

২০১৯ৰ পাছত পুনৰ ডিমা হাছাও জিলাত ভয়ংকৰ ঘটনা। উমৰাংছ’ৰ পাঁচকিলোত থকা নিপকোৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ। প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত এই বিস্ফোৰণ। ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ হেৰুৱালে নীপকোৰ তিনি কৰ্মচাৰীয়ে।

ঘটনাত নিহত নিপকোৰ কৰ্মচাৰী অনুপম শইকীয়া। মৃত অনুপম শইকীয়াৰ ঘৰ যোৰহাটত। নিহত আনজন কৰ্মচাৰী ডিগবৌৰ জয়ন্ত হাজৰিকা। ডিমা হাচাওৰ দেমেৰাজ জহাৰি নামৰ আন এজন কৰ্মচাৰীৰ মৃত্যু।

এই বিস্ফোৰণত জলমগ্ন সমগ্ৰ অঞ্চলটো। অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। বিস্ফোৰণস্থলীত আবদ্ধ হৈ আছে বহুকেইজন লোক।

ইতিমধ্যে হাফলঙৰ পৰা ৰাওনা হৈছে উদ্ধাৰকাৰী দল। প্ৰাথমিক তথ্য অনুসৰি, মুষলধাৰ বৰষুণৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। পাইপলাইনৰ পৰা ওলাই পানীয়ে নিপকোৰ বাল্ব হাউচৰ অধিক ক্ষতি কৰে।

লগতে একাধিক বাহন পানীত উটি আহে। যোৱা দুদিন ধৰি পাহাৰীয়া ডিমা হাছাও জিলাত হৈ থকা বৰষুণৰ বাবে উমৰাংছুৰ ৫ কিলোত কপিলী হাইডেল প্ৰজেক্টৰৰ খান্দং ৰিজাৰ্ভাৰৰ পানীৰ পাইপ লাইনত বিস্ফোৰণ ঘটে।

লগে লগে পাইপ লাইনৰ পৰা ওলাই অহা পানীয়ে গোটেই এলেকা ভৰি পৰে। তথ্য অনুসৰি নিপকো কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

উল্লেখনীয় যে, ২০১৯ চনৰ ৭ অক্টোবৰত অনুৰূপভাবে পাইপ বিস্ফোৰণ হৈ নীপকোৰ চাৰি গৰাকী কৰ্মীৰ মৃত্যু হৈছিল। কেইবা কোটি টকাৰ ক্ষতি হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...