অভিনেত্ৰী মৌনী ৰয়ৰ বিয়া, দৰা কোন জানেনে?

পশ্চিম বংগৰ পৰা মায়ানগৰীলৈ, দেৱো কী দেৱ মহাদেৱ, নাগিনৰ পৰা ৰূপালী পৰ্দালৈ মৌনী ৰয়ৰ সোণালী যাত্ৰা সকলোৰে চৰ্চাৰ বিষয়। মুম্বাইত প্ৰতিষ্ঠাৰ পূৰ্বে উত্তৰ বংগৰ পৰা গুৱাহাটীত বিভিন্ন কামৰ বাবে অহাৰ কথা অভিনেত্ৰীগৰাকীয়ে নিজেই উল্লেখ কৰে। সেইগৰাকী মোহময়ী অভিনেত্ৰী মৌনী ৰয় আবদ্ধ হ’ল বিবাহপাশত।

মৌনী ৰয়ে সুৰজ নাম্বিয়াৰ সৈতে নিজৰ বৈবাহিক জীৱন আৰম্ভ কৰিছে। দক্ষিণ ভাৰতীয় পোছাকত দম্পতীহালক আকৰ্ষণীয় দেখা গৈছে।

অভিনেত্ৰী মৌনী ৰয়ে দীৰ্ঘদিনৰ প্ৰেমিক সুৰজ নাম্বিয়াৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। দম্পতীহালৰ বিয়াৰ ছবি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

মৌনী ৰয় আৰু সূৰজ নাম্বিয়াৰে দক্ষিণ ভাৰতীয় ৰীতি-নীতিৰে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে।

বিয়াত মৌনী ৰয়ক পৰম্পৰাগত ৰঙা বৰ্ডাৰযুক্ত বগা শাৰী পিন্ধা দেখা গৈছে। আনহাতে সূৰজেও দক্ষিণ ভাৰতীয় পোছাক পিন্ধিছিল।

মৌনী ৰয়ে বিশাল আয়োজনৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ বিবাহ অনুষ্ঠানৰ আয়োজন কৰে।

অনুৰাগীসকলে মৌনী ৰয়ক কইনাৰ ৰূপত চাবলৈ ব্যাকুল হৈ পৰিছিল। বিয়াৰ ফটো প্ৰকাশৰ লগে লগো দুয়োৰে সৌন্দৰ্য-ৰূপৰ যথেষ্ট প্ৰশংসা কৰিছে।

ইয়াৰ পূৰ্বে মৌনী ৰয় আৰু সূৰজ নাম্বিয়াৰৰ হালধি অনুষ্ঠানৰ ফটো ভাইৰেল হৈছিল।

চেলিব্ৰেটীৰ পৰা অনুৰাগীলৈকে দুয়োকে শুভকামনা জনাইছে আৰু সুখী জীৱনৰ কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...

মাৰ্কিন গায়িকা মেৰী মিলবেনৰ বিস্ফোৰক দাবী; আমেৰিকাৰ নিৰ্বাচিত দাতাৰ পৰা CJP-এ ধন লাভ কৰে

আমেৰিকান গায়িকা মেৰী মিলবেনে বুধবাৰে এক বিস্ফোৰক দাবী কৰে...