BTR চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি, উখল–মাখল সমগ্ৰ BTR

আজি BTR চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি। দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে উখল–মাখল সমগ্ৰ BTR। ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হৈছিল BTR চুক্তি। নতুন দিল্লীত গৃহমন্ত্ৰীৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, NDFBৰ নেতৃত্ব লগতে অসম চৰকাৰে। বিগত বৰ্ষত BTR চুক্তিৰ উপলক্ষে বিশাল আয়োজনৰ ব্যৱস্থা কৰা হৈছিল। যি অনুষ্ঠানত উপস্থিত আছিল গৃহ মন্ত্ৰী অমিত শ্বাহ। কিন্তু এই বৰ্ষত ক’ভিড প্ৰ’টকলৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বৰ্ষপূৰ্তি অনুষ্ঠান। BTRৰ চাৰিওখন জিলাতে ক’ভিড প্ৰ’টকল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব বৰ্ষপূৰ্তি অনুষ্ঠান। কোকৰাঝাৰৰ অনুষ্ঠানত উপস্থিত প্ৰমোদ বড়োৰ লগতে UPPLৰ নেতা-কৰ্মী। লগতে উপস্থিত এবছুৰ নেতৃবৃন্দ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...