ৰিয়েল লাইফৰ ‘বজৰংগী ভাইজান’

পথৰ জীৱ-জন্তুবোৰেও বিচাৰে মানুহৰ অকণমান মৰম, অকণমান সহানুভূতি

এনে মৰম আকলুৱা প্ৰাণীবোৰৰ বাবে পৃথিৱীত আছে স্বপ্নিল চোনিৰ দৰে বহুলোক

ৰিল লাইফ নহয়, আজি ক’ম ৰিয়েল লাইফৰ ‘বজৰংগী ভাইজান’ৰ কথা

বিগত ১৩ বছৰ ধৰি স্বপ্নিল চোনি নাম আহমেদাবাদৰ এই ব্যক্তিজনে পথৰ জীৱ-জন্তু সমূহক বিভিন্ন ধৰণৰ খাদ্য যোগান ধৰি আহিছে। প্ৰতি সপ্তাহে হনুমান ভক্ত স্বপ্নিলে বান্দৰৰ বাবে প্ৰস্তুত কৰে প্ৰায় ১৭শ ৰুটি। কেতিয়াবা কল, কেতিয়াবা বিস্কুট আৰু কেতিয়াবা ৰুটিৰে আপ্যায়ন কৰে বান্দৰবোৰক। MONKEYMAN SWAPNIL SONI FOUNDATION নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি বৰ্তমান বৃহৎ পৰিসৰত কাম কৰিবলৈ আগবাঢ়িছে ব্যক্তি গৰাকী। বান্দৰৰ প্ৰতি দেখুওৱা এনে সহানুভূতিৰ বাবে MONKEY MAN বুলি পৰিচিত আহমেদাবাদৰ এই গৰাকী হনুমান ভক্ত সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।       

        

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...