আজি প্ৰয়াত ধৰ্মনিৰপেক্ষ ৰাজনীতিবিদ জ্যোতি বসুৰ ওপজা দিন

গুৱাহাটী, ৮ জুলাই, NKTV: জ্যোতি বসু…বিংশ শতিকাৰ ভাৰতীয় ৰাজনীতিক সমৃদ্ধ কৰা এটি অন্যতম চৰিত্ৰ

কেৱল ভাৰতীয় ৰাজনীতিতেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াত বাওঁপন্থী চেতনাৰ বিকাশত তেওঁৰ অৱদান আছিল ঐতিহাসিক

জৱাহৰলাল নেহৰুৰ পিছত, ভাৰতত জ্যোতি বসুৰ দৰে কোনো প্ৰকৃত ধৰ্মনিৰপেক্ষ ৰাজনীতিবিদ নাছিল। জ্যোতি বসুয়ে তেওঁৰ দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰত কেতিয়াও সুবিধাবাদৰ আশ্ৰয় লৈ আৰু সংসদীয় ৰাজনীতিত সুবিধা লাভ কৰিবলৈ তেওঁৰ দলক আহ্বান জনাই সাম্প্ৰদায়িক শক্তিৰ সৈতে আপোচ কৰা নাছিল।

তেওঁ একেৰাহে ২৩ বছৰ ধৰি পশ্চিমবংগৰ মুখ্যমন্ত্রীৰ আসন অলংকৃত কৰিছিল। আজি প্ৰয়াত জ্যোতি বসুৰ ওপজা দিন। ১৯১৪ চনৰ ৮ জুলাই তাৰিখে কলিকতাৰ এটি উচ্চ মধ্যবিত্ত বেংগলী পৰিয়ালত জ্যোতিৰিন্দ্ৰ বসুয়ে জন্ম লাভ কৰিছিল।

বাওঁশূণ্য পশ্চিমবংগৰ বিধানসভা ভৱনত আজি অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ল মহান ৰাজনীতিবিদ গৰাকীৰ জন্ম তিথি।

১৯৪৬ চনত বত্ৰিশ বছৰ বয়সত অবিভক্ত বংগৰ অন্তিম প্ৰাদেশিক আইনসভালৈ নিৰ্বাচিত হৈছিল জ্যোতি বসু। বসুৱে সেই সময়ৰ পৰাই আইনসভাত এজন বিৰোধী নেতাৰ ভূমিকা পালন কৰি আহিছিল। ১৯৪৭ চনৰ পৰা ১৯৭৭ চনৰ ভিতৰত, বাওঁপন্থীসকলে পশ্চিম বংগ বিধানসভাত বিৰোধী দলৰ ভূমিকাহে পালন কৰিছিল। স্বাধীনতাৰ পূৰ্বে তেওঁ সাম্প্ৰদায়িক দাঙ্গা, তেভাগা আন্দোলন আৰু বংগ বিভাজন সন্দৰ্ভত আইনসভাত বিভিন্ন আলোচনাতো অংশগ্ৰহণ কৰিছিল।

জ্যোতি বসুয়ে স্বাধীনতাৰ পিছৰ পশ্চিম বংগৰ খাদ্য আন্দোলন, শিক্ষক আন্দোলন, বন্দী মুক্তি, কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক পুনর্বিন্যাস সংক্রান্তীয় আন্দোলনৰ গুৰিধৰোঁতা আছিল। সেই সময়ত, বসুকে ধৰি তদানীন্তন শীৰ্ষ বিৰোধী নেতাসকলে বিভিন্ন কাৰণত একাধিকবাৰ কাৰাবাস খাটিছিল।

১৯৭৭ চনৰ ১৬ মাৰ্চত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ পৰাজয়ে ভাৰতীয় ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰে। সেইবাৰ জনতা দলে সংখ্যাগৰিষ্ঠতাৰ সৈতে চৰকাৰ গঠন কৰিছিল। প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ল মোৰাৰজী দেশাই। ইফালে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনতো সম্পূৰ্ণ ৰাজনৈতিক পট পৰিৱৰ্তন হোৱা দেখা গৈছিল। সাতগাছিয়াৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা জ্যোতি বসুও নিৰ্বাচিত হৈছিল বিপুল ভোটেৰে… তেওঁৰ দল চিপিআই-এমেও দেখুৱাইছিল আশাব্যঞ্জক সফলতা। যাৰ ফলত পশ্চিম বংগত গঠন হৈছিল বাওঁ মৰ্চাৰ চৰকাৰ। মুখ্যমন্ত্রী পদত অধিষ্ঠিত হ’ল জ্যোতি বসু।

পিছে, আজি পশ্চিমবংগ বিধানসভা বাওঁশূণ্য। সোঁতৰ বিপৰীতে গৈ ৰাজনীতি কৰা ২৩ বছৰৰ মুখ্যমন্ত্রী জ্যোতি বসুৰ উত্তৰসুৰী সকলে অনুকৰণ কৰাত ব্যর্থ হ’ল মহীৰূহৰ পদাংক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...