৪৯ বছৰীয়া হ’ল ‘দাদা’ ওৰফে সৌৰভ গাংগুলী

গুৱাহাটী, ৮ জুলাই, NKTV৪৯ বছৰীয়া হ’ল ‘দাদা’ ওৰফে সৌৰভ গাংগুলী
জন্মদিনৰ দিনা চ’ছিয়েল মেডিয়াত শুভকামনা জনালে তেওঁৰ অগণন অনুৰাগীয়ে

টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ অন্যতম সফল অধিনায়ক সৌৰভ গাংগুলীৰ আজি উপজা দিন। ক্ৰিকেট প্ৰেমী সকলে তেওঁলোকৰ প্ৰিয় অধিনায়ক ‘দাদা’ক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছে। ১৯৭২ চনত ৮ জুলাইত কলকাতাত জন্মলাভ কৰা সৌৰভ গাংগুলি ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক আৰু বেটছমেন আছিল। গাংগুলী হৈছে বিৰাট কোহলী আৰু তেণ্ডুলকাৰৰ পিছত ১০,০০০ এদিনীয়া ৰাণ সংগ্ৰহ কৰা তৃতীয় দ্ৰুততম বেটছমেন। তেওঁৰ অধীনত, ভাৰতে ২০০১ বৰ্ষত অষ্ট্ৰেলিয়া ভ্ৰমণত টেষ্ট শৃংখলা ১-১ ত ড্ৰ কৰিবলৈ সক্ষম হয়। সৌৰভ গাংগুলিৰ নেতৃত্বত ভাৰতে ১৫ বছৰৰ পিছত পাকিস্তান ভ্ৰমণ কৰে আৰু ক্ৰমান্বয়ে টেষ্ট আৰু এদিনীয়া শৃংখলা ২-১ আৰু ৩-২ ত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ১৯৯৯ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ অপৰাজিত ১৮৩ নট আউট আইচিচি পুৰুষৰ ৫০ অভাৰৰ বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। ইপিনে

সৌৰভ গাংগুলয়ে টেষ্টত ১১৩ খন মেচ খেলি ৭২১২ ৰাণ সংগ্ৰহ কৰিছে
এদিনীয়াত ৩১১খন মেচ খেলি ১১,৩৬৩ ৰাণ সংগ্ৰহ কৰিছে

দাদাৰ আজি উপজা দিনটোত তেওঁৰ অনুৰাগীৰ লগতে ভাৰতীয় ক্ৰিকেটৰ মহান খেলুৱৈ শচীন তেণ্ডুলকাৰকৰ পৰা সুৰেশ ৰাইনা, ভিভিএছ লক্ষ্মণে লৈ বহু ভাৰতৰ প্ৰাক্তন অধিনায়কজনক জন্মদিনৰ শুভকামনা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...