ক’ভিড নিয়ন্ত্ৰণত ‘চূড়ান্ত ব্যৰ্থ’ উপায়ুক্তক বদলি!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোলাঘাটত চন্দ্ৰমোহন পাটোৱাৰী
ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ চৰকাৰৰ
গোলাঘাটৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক বদলি
মে’ মাহৰ শেষভাগতহে যোগদান কৰিছিল সিঙে
বিগত দুসপ্তাহ ধৰি গোলাঘাটত ক’ভিডৰ বিপজ্জনক স্থিতি
ক’ভিড নিয়ন্ত্ৰণত প্ৰশাসনৰ ব্যৰ্থতা
লকডাউন কঠোৰভাৱে বলৱৎ কৰিব নোৱাৰাৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি
গোলাঘাটৰ নতুন উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা

গুৱাহাটী, ৯ জুলাই, NKTV:  মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক’ভিডে জটিল ৰূপ ধাৰণ কৰা গোলাঘাটত উপস্থিত হৈ ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বৃহস্পতিবাৰে নিশা শীৰ্ষ বিষয়াবৰ্গৰে জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত শুকুৰবাৰে পুৱাই বদলি কৰা হয় উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতেই মানৱেন্দ্ৰ প্ৰতাপ সিঙক গোলাঘাটত নিযুক্তি দিয়া হৈছিল। কিন্তু নিযুক্তিৰ এমাহৰ পিছতেই সিঙক বদলি কৰা হয়। ক’ভিড নিয়ন্ত্ৰণত প্ৰশাসনৰ ব্যৰ্থতা আৰু লকডাউন কঠোৰভাৱে বলৱৎ কৰিব নোৱাৰাৰ বাবে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই জিলা এৰিবলগীয়া হ’ল উপায়ুক্তজনে। ইয়াৰ বিপৰীতে গোলাঘাটৰ নতুন উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে বজালীৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক। তাৎক্ষণিকভাৱে দায়িত্ব ল’বলৈও বৰুৱাক নিৰ্দেশ দিয়া হৈছে। দুসপ্তাহৰ পূৰ্বে কেৱল বোকাখাত মহকুমাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে জটিল ৰূপহে ধাৰণ কৰে। সমগ্ৰ জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নিষেধাজ্ঞা জাৰি কৰিবলগীয়া হয়। ইপিনে চৰকাৰে মৃগেশ নাৰায়ণ বৰুৱাৰ ঠাইত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰতভূষণ দেৱ চৌধুৰীক বজালীৰ উপায়ুক্তৰূপে নিযুক্তি দিছে।
ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...