জামুগুৰিত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ

ৰাজ্যৰ ৭খনকৈ জিলাত সম্পূৰ্ণ লকডাউন বলৱৎ থকা সত্বেও প্ৰতিদিনে অধিক জটিল ৰূপ লৈছে ক’ভিডজনিত পৰিস্থিতিয়ে। কেইবাখনো জিলাত পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে যিকোনো সময়তে অতি ভয়ানক ৰূপ ল’ব পাৰে বুলি আশংকা কৰিছে স্বাস্থ্য বিভাগে। তথাপি যেন এতিয়াও সজাগ হোৱা নাই জনতা। ক’ভিডজনিত পৰিস্থিতি পৰ্যালোচনাৰ বাবে সাতোখন জিলালৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰিছে তত্বাৱধায়ক মন্ত্ৰীক।

সম্পূৰ্ণ লকডাউন সত্বেও অধিক জটিল ক’ভিড
৭ জিলালৈ প্ৰেৰণ তত্বাৱধায়ক মন্ত্ৰীক
জামুগুৰিত অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ
গোলাঘাটৰ পৰিস্থিতি অত্যন্ত জটিল
শোণিতপুৰত চুলাই ঘাটি বন্ধৰ কঠোৰ নিৰ্দেশ
গোৱালপাৰাত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত মন্ত্ৰী
গুৱাহাটীত যান-বাহনৰ অবাধ প্ৰৱেশ বন্ধৰ নিৰ্দেশ

গুৱাহাটী, ৯ জুলাই, NKTV: সম্পূৰ্ণ লকডাউন বলৱৎ কৰাৰ পিছতো ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে দিনে দিনে জটিল ৰূপ ল’বলৈ আৰম্ভ কৰিছে। এনে জটিল পৰিস্থিতিৰ বাবেই মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ লকডাউনত থকা সাতোখন জিলালৈ প্ৰেৰণ কৰিছে তত্বাৱধায়ক মন্ত্ৰীক। কেইবাখনো জিলাত পৰিস্থিতি ইমানেই জটিল হৈ পৰিছে যে যিকোনো সময়তে অতি ভয়ানক ৰূপ ল’ব পাৰে বুলি আশংকা কৰিছে স্বাস্থ্য বিভাগে। কিন্তু ইয়াৰ পিছতো যেন বাসিন্দাসকলৰ চেতনা অহা নাই। শোণিতপুৰ জিলাৰ জামুগুৰিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধ-সামৰিক বাহিনীয়ে ফ্লেগ মাৰ্চ কৰিবলগীয়া হয়। গোলাঘাট জিলাৰো পৰিস্থিতি অত্যন্ত জটিল। প্ৰথমে বোকাখাত মহকুমাত সম্পূৰ্ণ লকড়াউন ঘোষণা কৰি ক’ভিড নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল যদিও মাত্ৰ এসপ্তাহৰ ভিতৰতে সমগ্ৰ জিলাখনতে ক’ভিডে বিপজ্জনক ৰূপ লোৱাত নিষেধাজ্ঞা সমগ্ৰ জিলালৈ বৃদ্ধি কৰিবলগীয়া হয়। শুকুৰবাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা কৰে।শোণিতপুৰত চুলাই মদৰ ঘাটিসমূহ ক’ভিড সংক্ৰমণৰ প্ৰধান কাৰক বুলি মন্তব্য কৰি অহা ৩ দিনৰ ভিতৰত চুলাই ঘাটি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে মন্ত্ৰী পীযূষ হাজৰিকাই। বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই জিলাখনৰ পৰিস্থিতি পৰ্যালোচনা কৰি প্ৰয়োজনত সেনাই ফ্লেগ মাৰ্চ কৰিব বুলিও জানিবলৈ দিয়ে। গোৱালপাৰাত আকৌ নিজে ৰাজপথত নামিবলগীয়া হ’ল মন্ত্ৰী বিমল বৰা। নিষেধাজ্ঞা অৱমাননা কৰি ৰাজপথত শ শ যান-বাহন চলি থকাত ক্ষুব্ধ হৈ মন্ত্ৰীজনে নিজে যান-বাহন নিয়ন্ত্ৰণত নামি পৰে। গুৱাহাটী মহানগৰীতো ক’ভিড পৰিস্থিতি জটিল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশা জৰুৰী পৰ্যালোচনা কৰি মহানগৰীৰ সকলো প্ৰৱেশ পথেৰে চলি থকা যান-বাহনৰ অবাধ চলাচল বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে গোৱালপাৰা, মৰিগাঁও আৰু কামৰূপ সীমান্তত আৰক্ষী আৰু প্ৰশাসনে কঠোৰ অভিযান গ্ৰহণ কৰিছে।
ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...