লাওপানী খালে নহয় কৰ’না!

গুৱাহাটী, ১০ জুলাই, NKTV: জামুগুৰিহাটত আৰক্ষীৰ সন্মুখত এজন ব্যক্তিয়ে আগবঢ়ালে কৰ’নাৰ পৰা ৰক্ষা পৰাৰ উপায়। কৰ’না মহামাৰীৰ বাবে তেওঁ হেনো বহুত কষ্টৰ সম্মুখীন হ’বলগীয়া হৈছে। সন্ধিয়া সময়ত কঁপি উঠে ব্যক্তিজনৰ সৰ্বশৰীৰ। পিছে কৰ’নাৰ ভয়ত নহয়। কৰ’নাই তেওঁক আক্ৰমণ কৰিব নোৱাৰে। তেওঁ হাবাথুৰি খাইছে সুৰা বিচাৰিহে। উপায়হীন হৈ লাওপানী ঘাটিত উপস্থিত হৈছে তেওঁ। পিছে ঘাটিটোত চলিল আৰক্ষীৰ অতৰ্কিত অভিযান। লাওপানী খালে কৰ’না নহয় বুলি আৰক্ষীলৈ আগবঢ়ালে স্বাস্থ্যসন্মত সমিধান।

সান্ধ্য আইনৰ বাবে সোনকালেই বন্ধ হৈ পৰে ৰাজ্যৰ ৱাইন শ্ব’পসমূহ ৷ সেয়েহে চুলাইৰ ঘাটিত লাগিছে ভিৰ ৷ চুলাই ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ মন্ত্ৰী পিযুষ হাজৰিকাই তিনি দিনৰ ভিতৰত বিশ্বনাথ আৰু শোণিতপুৰ জিলাত থকা অবৈধ চুলাই ঘাটি সমূহ উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই অভিযানত নামি পৰিছে আৰক্ষী আৰু আৱকাৰী বিভাগ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন গাঁৱত চলোৱা অভিযানত আৰক্ষীয়ে ধ্বংস কৰিছে এটা চুলাই মদৰ ঘাটি৷ আৰক্ষীক দেখি ঘাটিত থকা একাংশ লোকে পলায়ন কৰিলে যদিও লাওপানী বিচাৰি অহা এজন ওলালহি আৰক্ষী আৰু সাংবাদিকৰ সন্মুখত ৷ লাওপানী নাপালে বোলে কঁপি উঠে ব্যক্তিজনৰ শৰীৰ। সান্ধ্য আইন সেয়ে ৱাইন শ্ব’পো বন্ধ। গতিকে লাওপানী বিচাৰি ঘাটীত উপস্থিত হৈছিল তেওঁ। ক’ভিড নীতি উলংঘা কৰি সুৰামত্ত অৱস্থাত থকা এইজনৰ মতে লাওপানী খালে হেনো নহয় কৰ’না। লাওপানী হৈছে কৰ’নাৰ মহৌষধ ৷ চুলাইৰ ঘাটীত আৰক্ষীৰ সন্মুখতে এনেদৰে ক’লে জামুগুৰিহাটৰ লোকজনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ...

RRৰ অধিনায়ক পদ লাভ কৰি গৌৰৱান্বিত ৰিয়ান পৰাগ

‘IPL দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ...

বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ...

তীব্ৰবেগী ডাম্পাৰক নাকী লগাব কোনে? ডাম্পাৰৰ খুন্দাত পুনৰ প্ৰাণ গ’ল এজনৰ

ডাম্পাৰ 'বাহন' নে 'যমদূত'? এতিয়া যেন আতংকৰ আন এক...