ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ ব্যাপক নাটনি

গুৱাহাটী, ১০ জুলাই, NKTV: সাৰ্বজনীন ভেকচিনৰ নামত ঢাক-ঢোল বজাই অৱশেষত এফালৰ পৰা ভেকচিনৰ শিবিৰ বন্ধ কৰিবলগীয়াৰ দৰে অৱস্থা হৈছে। সাৰ্বজনীন টিকাকৰণ আৰম্ভ হোৱাৰ তিনি দিনত ৯ লাখৰো অধিক ভেকচিন দি বাঃ বাঃ ল’বলৈ চেষ্টা কৰা চৰকাৰে যোৱা সপ্তাহটোত লাখৰ হিচাপততো দূৰৰে কথা, হাজাৰৰ হিচাপতো ভেকচিন প্ৰদান কৰিব পৰা নাই। যোৱা সপ্তাহটোত বুধবাৰে সৰ্বনিম্ন ৭ হাজাৰ ৯৩৫টা ভেকচিনহে সমগ্ৰ ৰাজ্যত প্ৰদান কৰে। শনিবাৰে এই সংখ্যা আছিল ৯ হাজাৰ ৫১১টা। যোৱা ২ জুলাইৰ পৰাই ৰাজ্যত ভেকচিন যোগানৰ নাটনিয়ে দেখা দিছে। ২ জুলাইৰ পৰা ৰাজ্যত ভেকচিন প্ৰদানৰ পৰিসংখ্যা আছিল এনে ধৰণৰ –

২ জুলাই: ২,৪১,৯২৮

৩ জুলাই: ১,৪৯,২২০

৪ জুলাই: ২৮,৩৬৬

৫ জুলাই: ৬০,৬৮৪

৬ জুলাই: ২০,৮৪২

৭ জুলাই: ৭,৯৩৫

৮ জুলাই: ৯,৫১১

৯ জুলাই: ৬০,৪১২

১০ জুলাই: ৮৭,৪৯৮

গ্ৰামাঞ্চলতো লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে ভেকচিন প্ৰদানৰ সংখ্যা। কোনো কোনো জিলাত দিনটোত প্ৰদান কৰা ভেকচিনৰ সংখ্যা আছিল ১০০ৰো তলত। চৰকাৰে অহা ১৫ আগষ্টৰ ভিতৰত অসমত ভেকচিনেশ্যন সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছিল যদিও এই গতিৰে ভেকচিন দি থাকিলে সমগ্ৰ প্ৰক্ৰিয়া যে বিলম্ব হ’ব সেয়া নিশ্চিত।

ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...