ডাঙৰ বল খেলিম, সৰু বল নেখেলো!

0 44

বিহাৰৰ ৰাঁচীত তথা বৰ্তমানৰ ঝাৰখণ্ডত জন্ম গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনী শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল। কিন্তু ধোনীয়ে তেওঁৰ প্ৰাৰম্ভিক দিনবোৰত খুব কম ক্ৰিকেট খেলিছিল কিয়নো তেওঁ বিদ্যালয়ৰ ফুটবল দলটিৰ গ’ল ৰক্ষক হিচাপেহে খেলিছিল। এদিন তেওঁৰ বিদ্যালয়ৰ ক্ৰিকেট প্ৰশিক্ষকজনে ধোনীৰ গ’ল কিপিং চাই মুগ্ধ হ’ল যাৰ ফলত ধোনীক বিদ্যালয়ৰ ক্ৰিকেট দলটোত অন্তৰ্ভুক্ত কৰিলে।

Pin on M.S. Dhoni (Mahi)
MS Dhoni during his school cricket days

ফুটবলৰ গ’ল ৰক্ষক ধোনী হৈ পৰিল ক্ৰিকেটৰ উইকেটৰক্ষক ধোনী। তাৰ পিছত ধোনীয়ে কেতিয়াও পিছলৈ ঘূৰি চাব লগা নহ’ল। ডাঙৰ বল খেলিম, সৰু বল নেখেলো বুলি কোৱা ধোনীৰ কেৰিয়াৰৰ আৰম্ভণি বৰ এটা ভাল নাছিল।

নিৰন্তৰ বেয়া ইনিংছৰ বাবে ধোনীক ভাৰতীয় দলৰ পৰা বাদ দিয়াৰ চিন্তা-চৰ্চা চলিছিল যদিও তেতিয়াৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সৌৰভ গাংগুলীয়ে লোৱা এটা সিদ্ধান্তই এম এছ ধোনীৰ কেৰিয়াৰ চিৰদিনৰ বাবে সলনি কৰি দিছিল।

M S DHONI (Childhood & Early Life)
MS Dhoni with school team

২০০৫ চনৰ ৫ এপ্ৰিলত এম এছ ধোনীক বেটিং ক্ৰমত ৩ নম্বৰলৈ পদোন্নতি দিয়া হৈছিল য’ত তেওঁ পাকিস্তানৰ বিৰুদ্ধে ১২৩টা বলত বিস্ফোৰক ১৪৮ ৰাণ সংগ্ৰহ কৰিছিল।

সেই ইনিংছটোৱে এম এছ ধোনীক ভাৰতীয় ক্ৰিকেট দলত নিজকে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। ২০০৭ চনত টি-২০ বিশ্বকাপৰ বাবে ধোনীক ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পিছত কেৰিয়াৰৰ মূল টাৰ্ণিং পইণ্ট আহিছিল তেওঁৰ জীৱনলৈ।

15 Years of MS Dhoni: ODI debut, World T20, 2011 World Cup - Sportstar
MS Dhoni during his debut match against Bangladesh

আশ্চৰ্যজনকভাৱে, মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ যুৱ দলটোৰ সহায়ত বিশ্বকাপ জয়লাভ কৰিছিল।

কিন্তু অধিনায়ক হিচাপে ধোনীৰ জীৱনলৈ বৃহৎ সাফল্যটো তেতিয়াহে আহিছিল যেতিয়া তেওঁৰ নেতৃত্বত ২৮ বছৰৰ পিছত ভাৰতে আইচিচি বিশ্বকাপ জয় কৰিছিল।

World T20: Dhoni's best chance to replicate 2007 success | New Zealand in  India 2016 News - Times of India
MS Dhoni with the 2007 ICC World T-20 Trophy
6 workplace lessons from Mahendra Singh Dhoni - Rediff Getahead
MS Dhoni with ICC World Cup trophy
Know why India's Master Finisher, MS Dhoni received Padma Bhushan dressed  as an army officer - Education Today News
MS Dhoni receiving Padma Bhushan award from President Ram Nath Kovind

ভাৰতৰ ক্ৰীড়া জগতৰ আটাইতকৈ সফল তথা প্ৰভাৱশালী অধিনায়কজনৰ ওপজা দিনটিত NKTVৰ তৰফৰ পৰাও হিয়াভৰা শুভেচ্ছা আৰু সুস্বাস্থ্য কামনা কৰিলো।  

Leave A Reply

Your email address will not be published.