আলোকচিত্ৰত দিলীপ কুমাৰৰ A to Z

বলীউডৰ Tragedy king হিচাপে খ্যাত এসময়ৰ জনপ্ৰিয় অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান। অভিনেতাজনে আজি পুৱা ৭.৩০ বজাত মুম্বাইস্থিত পিডি হিন্দুজা হাস্পতালত শেষ নিশ্বাস কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ।

বলীউডৰ অভিনেতা জনে তেওঁ ৫০ বছৰীয়া CAREERত হাস্যধৰ্মী ছবিৰ পৰা আৰম্ভ কৰি ট্ৰেজেডী ছবি আদি সকলোতে কাম কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। য়ুছুফ খানে বলীউডত দিলীপ কুমাৰৰ ছদ্ম নামেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ১৯২২ চনৰ ১১ ডিচেম্বৰ মাহত পেশাবৰত দিলীপ কুমাৰ অৰ্থাত য়ুছুফ খানে জন্ম লাভ কৰিছিল।

১৯৪৪ চনত দিলীপ কুমাৰে ‘জ্বাৰ ভাটা’ নামৰ ছবিখনৰ মাধ্যমেৰে পোনপ্ৰথম বাৰৰ বাবে বলীউডত খোজ পেলাইছিল। যদিও ১৯৪৪ চনত মুক্তি লাভ কৰা ‘জুগ্নু’ শীৰ্ষক ছবিৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাজন।

তেওঁ ১৯৯১ পদ্মভূষণ সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল। ইয়াৰ উপৰিও ২০১৫ চনত তেওঁক পদ্মবিভূষণ সন্মানেৰেও সন্মানিত কৰা হৈছিল।

১৯৬৬ চনত দিলীপ কুমাৰে তেওঁতকৈ ২০বছৰ সৰু ছাইৰা বানুৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত, তেওঁ ১৯৮০ চনত দ্বিতীয়বাৰৰ বাবে আসমাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় কিন্তু তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

যোগান, দীদাৰ, দাগ, দেৱদাস, মধুমতী, য়াহুদি আৰু অন্যান্য চলচ্চিত্ৰত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল দিলীপ কুমাৰ। সেইবাবে তেওঁক ‘বলীউডৰ ট্ৰেজেডী কিং’ বুলি জনা গৈছিল।

১৯৬০ চনৰ ঐতিহাসিক চলচ্চিত্ৰ মোগল-ই-আজমত দিলীপ কুমাৰৰ ৰাজকুমাৰ চেলিমৰ চৰিত্ৰটো আজিলৈকে আটাইতকৈ জনপ্ৰিয়। আনকি এই চলচ্চিত্ৰখন ২০০৮ চনলৈকে হিন্দী চলচ্চিত্ৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...