এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ

মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই ৰাজ্যখনৰ প্ৰকৃত পৰিস্থিতি জানিবলৈ পঠিয়াইছিল এটা প্ৰতিনিধি দল। ৩জনীয়া এই দলটোৱে ৰাজ্যখন ভ্ৰমণ কৰি দাখিল কৰা প্ৰতিবেদন লৈ উত্তাল দেশৰ সংবাদ মাধ্যম। মণিপুৰৰ হিংসাৰ কালত ৰাজ্যখনৰ সংবাদমাধ্যম আৰু মণিপুৰ চৰকাৰৰ ভূমিকা একপক্ষীয় হোৱা বুলি প্ৰতিবেদনত উল্লেখ। ইয়াৰ পাছতেই এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ মণিপুৰ চৰকাৰৰ।

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এজাহাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ
এডিটৰ্ছ গীল্ডৰ সভাপতি আৰু ৩ সদস্যৰ বিৰুদ্ধে এজাহাৰ
মণিপুৰত হিংসাত উচটনি দিয়াৰ অভিযোগ এডিটৰ্ছ গীল্ডৰ বিৰুদ্ধে
ইম্ফল থানাত গোচৰ ৰুজু গীল্ডৰ সভাপতি সীমা মোস্তাফা আৰু ৩ সদস্যৰ বিৰুদ্ধে
এডিটৰ্ছ গীল্ডক সকীয়নিও দিলে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়া দেশৰ সম্পাদক সকলৰ অগ্ৰনী সংগঠন। সংবাদমাধ্যমৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ সন্দৰ্ভত এই সংগঠনে মাত মাতি আহিছে। সংঘৰ্ষজৰ্জৰ মণিপুৰত সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত জনাৰ বাবে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াই ৩ জনীয়া এটা দল প্ৰেৰণ কৰিছিল মণিপুৰলৈ । এই দলটোৱে দাখিল কৰা প্ৰতিবেদনত মণিপুৰৰ সংবাদমাধ্যম আৰু চৰকাৰৰ ভূমিকা সন্দৰ্ভত প্ৰকাশ পাইছে বহু বিস্ফোৰক তথ্য।

‘মণিপুৰৰ মেইটেই সংবাদ মাধ্যমৰ বাতৰি সম্পূৰ্ণ একপক্ষীয় আছিল’
‘কুকি জনগোষ্ঠীক আক্ৰমণৰ বহু বাতৰি মেইটেই সংবাদ মাধ্যমে প্ৰকাশ কৰা নাছিল’
‘মণিপুৰত সংঘৰ্ষকালত বহু ভুৱা বাতৰি প্ৰকাশ পাইছিল’
এডিটৰ্ছ গীল্ডৰ পাতে পাতে সমালোচনা মণিপুৰ চৰকাৰক
যোৱা ৭ৰ পৰা ১০ আগষ্টলৈ দলটোৱে ভ্ৰমণ কৰিছিল মণিপুৰৰ বিভিন্ন এলেকা

এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ ৩জনীয়া প্ৰতিনিধি দলত আছিল সীমা গুহ, সঞ্জয় কাপুৰ, ভাৰত ভূষণ। এই ৩ জনীয়া দলটোৱে দাখিল কৰা প্ৰতিবেদনে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিততো চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতে প্ৰতিবেদনৰ বাবে সৰৱ হৈ পৰে মণিপুৰ চৰকাৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এখন সংবাদমেলত সৰৱ হৈ পৰে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ বিৰুদ্ধে।

মুখ্যমন্ত্ৰীৰ মতে এডিটৰ্ছ গীল্ডৰ প্ৰতিবেদনহে আছিল সম্পূৰ্ণ একপক্ষীয়
প্ৰতিনিধি দলটোৱে ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ প্ৰতিবেদন দিয়া বুলি দাবী মুখ্যমন্ত্ৰীৰ
এডিটৰ্ছ গীল্ডৰ প্ৰতিবেদনে মণিপুৰৰ হিংসাত উচটনি দিয়াৰ অভিযোগ

মণিপুৰ আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত কিদৰে আগুৱাই নিয়ে আৰু এডিটৰ্ছ গীল্ডে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...