তুংগত বিধায়ক–প্ৰাক্তন অধ্যক্ষৰ সংঘাত

তুংগত বিধায়ক–প্ৰাক্তন অধ্যক্ষৰ সংঘাত
ৰাইজমেলৰ পৰা খেদাখোৱা বিধায়ক অতুল বৰাৰ সংবাদমেল
ৰামচৰণ ভড়ালীৰ ‘অতীত’ খুচৰি চৰিত্ৰহননৰ চেষ্টা বিধায়কৰ

শনিবাৰে ডিমৰীয়া কলেজৰ চৌহদত অনুষ্ঠিত ৰাইজমেলত দিছপুৰৰ বিধায়ক অতুল বৰা আৰু ৰামচৰণ ভড়ালীৰ মাজত চলিছিল তীব্ৰ বাকবিতণ্ডা। ১৪ বছৰৰ পূৰ্বে মহাবিদ্যালয়খনৰ পৰা অৱসৰ লোৱা অধ্যক্ষ ৰামচৰণ ভড়ালীৰ বিৰুদ্ধে উঠিছিল দুৰ্নীতিৰ অভিযোগ। বিষয়টো বৰ্তমান আদালতৰ বিচৰাধীন। তথাপি বিধায়ক অতুল বৰাই নিজাববীয়াকৈ চেষ্টা চলাইছে ৰামচৰণ ভড়ালীক ৰাইজৰ আগত হেয় কৰাৰ বাবে। আদালতৰ ৰায়লৈ যেন ৰ’বলৈ সময় নাই অতুল বৰাৰ। নিজেই মুখ্যমন্ত্ৰীক অভিযোগ দিছে। এই অভিযোগৰ ভিত্তিত মহাবিদ্যালয়খনলৈ আহিছে চিএম ভিজিলেন্স। এনে অভিযোগৰ মাজতে প্ৰাক্তন অধ্যক্ষ ভড়ালীয়ে অতুল বৰাক প্ৰত্যাহ্বান জনাই মাতিলে ডিমৰীয়া কলেজৰ খেলপথাৰলৈ। তাত কি হ’ল সকলোৱে দেখিলে।

একাংশই অতুল বৰা গ’বেক ধ্বনিও দিলে।

ৰামচৰণ ভড়ালীৰ বিৰুদ্ধেও বোলে কোনোবাই কলেজ ধ্বংস কৰাৰ অভিযোগ আনিলে। এই দাবী কৰিলে বিধায়ক অতুল বৰাই। দেওবাৰে ৰাইজত মেলত ক’ব নোৱাৰা কথাখিনি ক’বৰ বাবে পুনৰ সংবাদমেল পাতিলে বিধায়ক অতুল বৰাই। এই সংবাদমেলত বৰাক উত্তৰ দিবলৈ অৱশ্যে নাছিল ৰামচৰণ ভড়ালী। গতিকে ৰামচৰণ ভড়ালীৰ অতীত–বৰ্তমান খুচৰি–সামৰি সাংবাদিকৰ আগত দেধাৰ অভিযোগ আনিলে। অতুল বৰাৰ দাবী-

ডিমৰীয়া কলেজৰ টকা খাই ৰামচৰণ ভড়ালীয়ে ১১টা ব্যক্তিগত অনুষ্ঠান পাতিছে
ৰামচৰণ ভড়ালীৰ ‘নাৰী কেলেংকাৰি’ আছিল
তুৰাৰ পৰা কোনোবাই ফোন কৰি অতুল বৰাক জনালে ভৰালীৰ কেলেংকাৰিৰ কথা

মুঠতে প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভড়ালীৰ বিৰুদ্ধে বহু তথ্য হাতত থকাৰ দাবী অতুল বৰাৰ। সাংবাদিকে অতুল বৰাক ক’লে যিবোৰ ব্যয় হৈছিল তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া হৈছিল। অতুল বৰাৰ মন্তব্য-
১১ জন প্ৰবক্তাৰ নামত দৰমহাৰ ধন খাইছিল ভড়ালীয়ে
নাৰী কেলেংকাৰিৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট কোনে দিব?

বিধায়ক বৰাৰ এনে অভিযোগৰ পিছত প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভড়ালীৰ মন্তব্য
ডিমৰীয়াত এক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছে ভড়ালীয়ে
যুক্তিহীন, অভব্য লোকৰ সৈতে কথাপতাৰ ইচ্ছা নাই ভড়ালীৰ

মুঠতে দুয়ো পক্ষৰ অভিযোগ–প্ৰতি অভিযোগত গৰম হৈছে ডিমৰীয়াৰ বতাহ। সময়েহে ক’ব কোন সঁচা, কোন মিছা। আদালতৰ বিচৰাধীন বিষয় এটাত আদালতৰ ৰায়ৰ বাবে সকলো অপেক্ষাৰত।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...