তুংগত বিধায়ক–প্ৰাক্তন অধ্যক্ষৰ সংঘাত

তুংগত বিধায়ক–প্ৰাক্তন অধ্যক্ষৰ সংঘাত
ৰাইজমেলৰ পৰা খেদাখোৱা বিধায়ক অতুল বৰাৰ সংবাদমেল
ৰামচৰণ ভড়ালীৰ ‘অতীত’ খুচৰি চৰিত্ৰহননৰ চেষ্টা বিধায়কৰ

শনিবাৰে ডিমৰীয়া কলেজৰ চৌহদত অনুষ্ঠিত ৰাইজমেলত দিছপুৰৰ বিধায়ক অতুল বৰা আৰু ৰামচৰণ ভড়ালীৰ মাজত চলিছিল তীব্ৰ বাকবিতণ্ডা। ১৪ বছৰৰ পূৰ্বে মহাবিদ্যালয়খনৰ পৰা অৱসৰ লোৱা অধ্যক্ষ ৰামচৰণ ভড়ালীৰ বিৰুদ্ধে উঠিছিল দুৰ্নীতিৰ অভিযোগ। বিষয়টো বৰ্তমান আদালতৰ বিচৰাধীন। তথাপি বিধায়ক অতুল বৰাই নিজাববীয়াকৈ চেষ্টা চলাইছে ৰামচৰণ ভড়ালীক ৰাইজৰ আগত হেয় কৰাৰ বাবে। আদালতৰ ৰায়লৈ যেন ৰ’বলৈ সময় নাই অতুল বৰাৰ। নিজেই মুখ্যমন্ত্ৰীক অভিযোগ দিছে। এই অভিযোগৰ ভিত্তিত মহাবিদ্যালয়খনলৈ আহিছে চিএম ভিজিলেন্স। এনে অভিযোগৰ মাজতে প্ৰাক্তন অধ্যক্ষ ভড়ালীয়ে অতুল বৰাক প্ৰত্যাহ্বান জনাই মাতিলে ডিমৰীয়া কলেজৰ খেলপথাৰলৈ। তাত কি হ’ল সকলোৱে দেখিলে।

একাংশই অতুল বৰা গ’বেক ধ্বনিও দিলে।

ৰামচৰণ ভড়ালীৰ বিৰুদ্ধেও বোলে কোনোবাই কলেজ ধ্বংস কৰাৰ অভিযোগ আনিলে। এই দাবী কৰিলে বিধায়ক অতুল বৰাই। দেওবাৰে ৰাইজত মেলত ক’ব নোৱাৰা কথাখিনি ক’বৰ বাবে পুনৰ সংবাদমেল পাতিলে বিধায়ক অতুল বৰাই। এই সংবাদমেলত বৰাক উত্তৰ দিবলৈ অৱশ্যে নাছিল ৰামচৰণ ভড়ালী। গতিকে ৰামচৰণ ভড়ালীৰ অতীত–বৰ্তমান খুচৰি–সামৰি সাংবাদিকৰ আগত দেধাৰ অভিযোগ আনিলে। অতুল বৰাৰ দাবী-

ডিমৰীয়া কলেজৰ টকা খাই ৰামচৰণ ভড়ালীয়ে ১১টা ব্যক্তিগত অনুষ্ঠান পাতিছে
ৰামচৰণ ভড়ালীৰ ‘নাৰী কেলেংকাৰি’ আছিল
তুৰাৰ পৰা কোনোবাই ফোন কৰি অতুল বৰাক জনালে ভৰালীৰ কেলেংকাৰিৰ কথা

মুঠতে প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভড়ালীৰ বিৰুদ্ধে বহু তথ্য হাতত থকাৰ দাবী অতুল বৰাৰ। সাংবাদিকে অতুল বৰাক ক’লে যিবোৰ ব্যয় হৈছিল তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া হৈছিল। অতুল বৰাৰ মন্তব্য-
১১ জন প্ৰবক্তাৰ নামত দৰমহাৰ ধন খাইছিল ভড়ালীয়ে
নাৰী কেলেংকাৰিৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট কোনে দিব?

বিধায়ক বৰাৰ এনে অভিযোগৰ পিছত প্ৰাক্তন অধ্যক্ষ ৰামচৰণ ভড়ালীৰ মন্তব্য
ডিমৰীয়াত এক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছে ভড়ালীয়ে
যুক্তিহীন, অভব্য লোকৰ সৈতে কথাপতাৰ ইচ্ছা নাই ভড়ালীৰ

মুঠতে দুয়ো পক্ষৰ অভিযোগ–প্ৰতি অভিযোগত গৰম হৈছে ডিমৰীয়াৰ বতাহ। সময়েহে ক’ব কোন সঁচা, কোন মিছা। আদালতৰ বিচৰাধীন বিষয় এটাত আদালতৰ ৰায়ৰ বাবে সকলো অপেক্ষাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰমুজত আকৌ যুদ্ধৰ আশংকা? আমেৰিকাৰ কঠোৰ পদক্ষেপৰ পাছত ইৰাণৰ হুংকাৰ

আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন...

বৌদ্ধ মঠত ধ্যান কৰি থাকোঁতেই ম্যানমাৰ সেনাৰ এয়াৰষ্ট্ৰাইক, মৃত্যু ১৪জনৰ

ম্যনমাৰত পুনৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। শুকুৰবাৰে ম্যানমাৰৰ কেন্দ্ৰীয় চাগাইং অঞ্চলৰ...

চেনিৰ দামবৃদ্ধি ৰোধ আৰু উৎসৱৰ বতৰত পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

উৎসৱৰ বতৰ সমাগত হোৱাৰ প্ৰাকমুহূৰ্তত দেশত চেনিৰ মূল্যবৃদ্ধি ৰোধ...

ইউক্ৰেইনৰ বাবে নতুন সংকট: ৰাছিয়াক শক্তিশালী ‘কেএন-৩০’ বেলেষ্টিক মিছাইল যোগান উত্তৰ কোৰিয়াৰ

ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ মাজতে ৰাছিয়াই উত্তৰ কোৰিয়াৰ...