আহি আছে অতুল বৰাৰ অত্যাধুনিক নিউজ প’ৰ্টেল

শনিবাৰে ডিমৰীয়া কলেজ চৌহদত অথন্তৰৰ সন্মুখীন হৈছিল বিধায়ক অতুল বৰা। দেওবাৰে বিধায়কজনৰ সংবাদমেল। সাংবাদিকক নিজৰ পৰিকল্পনাৰ কথা ক’লে বিধায়কজনে। লগতে দিলে মূল্যবৃদ্ধিৰে মোকাবিলা কৰিব পৰা কেইবাটাও আকৰ্ষণীয় কিটিপ।

অসমৰ ডিজিটেল সংবাদ মাধ্যমত শীঘ্ৰে হ’ব নতুন সংযোজন
আহি আছে অতুল বৰাৰ অত্যাধুনিক নিউজ প’ৰ্টেল
নাম কি হ’ব?

কি হ’ব কেনেকৈ হ’ব। পৰিকল্পনা কি। শনিবাৰে ডিমৰীয়া কলেজলৈ গৈ অথন্তৰৰ সন্মুখীন হৈছিল বিধায়ক বৰা। কি হৈছিল কিয় হৈছিল স্পষ্টিকৰণ দিবলৈ বিধায়কগৰাকীৰ সংবাদমেল। চাফাই গাই হ’ল। তাৰ পাছত সাংবাদিক আৰু বিধায়কৰ কথোপকথন।

অতুল বৰাই হেনো প’ৰ্টেল খুলিব
প’ৰ্টেলত হেনো খৰছো নাই
সিদ্ধান্ত হ’ল, কামো আগবাঢ়িছে
কি নাম?

অতুল বৰাৰ কাৰ্যসূচীৰে এটা নতুন প’ৰ্টেল
সাংবাদিকে সুধিলে বেলেগ বাতৰি নাযায়, কেৱল আপোনাৰেই নিউজ যাব?

তাৰ পাছতেই বিধায়ক অতুল বৰাৰ মুখত বিলাহীৰ মূল্যবৃদ্ধিৰ কথা। মাছে বিলাহীয়ে খাবলৈ মন গ’লে কি কৰিব। বজাৰত টমেটো চচ পায়। মাছৰ তৰকাৰী ৰান্ধক। তাতেই টমেটো চচ অকণমান পেলাই দিয়ক। হৈ গ’ল।

আমাৰ মানুহে খাবলৈ নাজানে…
বাহিৰৰ পৰা বজাৰ নকৰি ঘৰতেই খেতি কৰাৰ লাভ কিমান বুজাবলৈ বেল বজাই বৰাই মাত দিলে বুবুলক।

দেখুৱাই দিলে বিধায়ক বৰাই। বুবুলৰ ঘৰত জিকাৰ এজোপাই গছ ছটা জিকা লাগিছে। তিনিটা জিকা নিজেই খাই এটা বিধায়ক বৰালৈ আনিছে। কুমলীয়া জিকা। খাবলৈও সোৱাদ। এনেকুৱা কিটিপ বহুত আছে বিধায়ক বৰাৰ ওচৰত। নতুন চেনেলত দেখা পাব সেইবোৰ। বহুতেই ধাৰণা কৰিছে অতুলনীয় অতুল লাইভ, নাম হ’ব নেকি চেনেলটোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...