গুৱাহাটীত যুৱতীৰ মৃত্যুক লৈ উত্তাল বিশ্বনাথ

শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহৰ সমীপৰ প্ৰাকৃতিক নিৱাসত সংঘটিত হৈছিল এটা শোকাৱহ ঘটনা। এটা অট্টালিকাৰ ষষ্ঠ মহলাৰ পৰা পৰি মৃত্যু হৈছিল মীনা মুণ্ডা নামৰ এগৰাকী যুৱতীৰ। তাৰ পাছতেই প্ৰতিবাদত উত্তাল বিশ্বনাথ। যুৱতীগৰাকীৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে একাংশই।

গুৱাহাটীত যুৱতীৰ মৃত্যুক লৈ উত্তাল বিশ্বনাথ
কেনেকৈ ষষ্ঠ মহলাৰ পৰা পৰিছিল বনকৰা যুৱতী মীনা মুণ্ডা
দুৰ্ঘটনা নে আন কিবা?

শুকুৰবাৰে গুৱাহাটীৰ নৱগ্ৰহৰ সমীপৰ প্ৰাকৃতিক নিৱাসত সংঘটিত হৈছিল এটা শোকাৱহ ঘটনা। এই অট্টালিকাটোৰ ষষ্ঠ মহলাৰ পৰা পৰি মৃত্যু হৈছিল মীনা মুণ্ডা নামৰ এগৰাকী যুৱতীৰ।
দীনেশ আগৰৱাল নামৰ লোকজন ঘৰৰ বনকৰা যুৱতী আছিল মীনা
এই ঘটনাৰ খবৰ পোৱাৰ পাছতেই বিশ্বনাথৰ জিনজিয়া থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ। যুৱতীগৰাকীৰ মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালে। মৃতদেহ থানাৰ সন্মুখত থৈ জাউৰীয়ে জাউৰীয়ে প্ৰতিবাদী শ্লোগান। বনকৰা যুৱতীগৰাকীক যোৱা সাতমাহে নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ। বিভিন্ন সময়ত মীনা মুণ্ডাই ফোনযোগে ভাতৃক জনাইছিল নিৰ্যাতনৰ কথা।

মৃত্যুৰ পাছতো এবাৰ যুৱতীগৰাকীৰ বেমাৰ হোৱা বুলি, আই চি ইউত থকা বুলি বিভিন্ন খবৰ দিয়া হৈছিল পৰিয়ালক। তাক লৈও সন্দেহ উপজিছে দল-সংগঠনৰ। এওঁলোকৰ দাবী, গোটেই ঘটনাটোত আছে ৰহস্য। শীঘ্ৰে ঘটনাটোৰ তদন্ত কৰাৰ লগতে দীনেশ আগৰৱালক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰীৰ।

যুৱতীগৰাকীক গুৱাহাটীলৈ লৈ আনিছিল পৰিয়ালৰে এগৰাকী মহিলাই। চাহ জনগোষ্ঠীৰ কিশোৰী-যুৱতীক কাম কৰোৱাবলৈ লৈ অনা হয় চহৰলৈ। তাৰ পাছত বহুসময়ত ঘটে এনে ঘটনা। এনেবোৰ ঘটনাৰ আঁৰত এটা চক্ৰ জড়িত থকাৰ সন্দেহ একাংশৰ। প্ৰতিবাদকাৰীৰ সকীয়নি এই ঘটনাৰ উচিত তদন্ত নকৰিলে আগন্তুক দিন এওঁলোকে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...