ডিব্ৰুগড়ৰ বাণিপুৰ ঢেঁকেৰি গাঁৱত চাঞ্চল্যকৰ ঘটনা

ডিব্ৰুগড়ৰ বাণিপুৰ ঢেঁকেৰি গাঁৱত এটা চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতেই চিপ লোৱা অৱস্থাত উদ্ধাৰ হ’ল এগৰাকী কিশোৰী। একাংশৰ সন্দেহ কিশোৰীগৰাকীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে চাৰিজনক।

ঘৰৰ ভিতৰতেই চিপ লোৱা অৱস্থাত এগৰাকী কিশোৰী
মৃতদেহ উদ্ধাৰৰ পাছতেই ঘনীভূত ৰহস্য
সন্দেহ, দলবদ্ধ বলাৎকাৰ কৰি হত্যা কিশোৰীগৰাকীক

ডিব্ৰুগড়ৰ বাণিপুৰ ঢেঁকেৰি গাঁৱৰ এই ঘৰটোতেই ঘটিল এটা চাঞ্চল্যকৰ ঘটনা। নিশা চিপ লৈ থকা অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হ’ল। লগেলগেই খবৰ দিয়া হল আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে মৃতদেহ।

আৰক্ষীয়ে ঘটনাৰে জড়িত থকাৰ সন্দেহত আটক কৰিলে ৪জনক
আটক হোৱাসকলৰ ভিতৰত আছে নাবালকো

নিশা হ’লেই নিৰ্জন হৈ পৰে বাণিপুৰ ঢেঁকেৰি গাঁৱৰ বিভিন্ন অঞ্চল। আৰম্ভ হয় দুষ্কৃতিকাৰীৰ ত্ৰাস। বিগত সময়বোৰতো এই ঠাইত বিভিন্ন অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰ নজিৰ আছে। আৰক্ষীয়ে চলাই আছে তদন্ত। কেনেকৈ এই ঘটনা সংঘটিত হল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আটকাধীন লোক চাৰিজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

কিশোৰীগৰাকীৰ এয়া নিজা বাসগৃহ নহয়। সম্পৰ্কীয় এজন লোকৰ ঘৰত বিগত তিনি-চাৰিমাহ ধৰি আছিল কিশোৰীগৰাকী। সেই দিশতো আৰক্ষীয়ে চলাইছে তদন্ত। কি পৰিস্থিতিত কেনেকৈ এই ঘটনা ঘটিল তাক লৈ সৃষ্টি হৈছে ৰহস্য। আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত কি কি খাদ্যৰে আপ্যায়ন কৰা হ’ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক?

’২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তৃণমূল কৰ্মীক উৎসাহৰ প্ৰয়াস। আজি...

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...