উৎকট গৰমে দহিছে ৰাজ্যবাসীক

উৎকট গৰমে দহিছে ৰাজ্যবাসীক। সোমবাৰৰ দিনটোত পাৰাস্তম্ভ উঠিল ৩৭ ডিগ্ৰী ছেলছিয়াছলৈ। তাৰ মাজতেই ভূতৰ ওপৰত দানহ পৰাদি লোড শ্বেডিং। উজনিৰ পৰা নামনিলৈ শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ। চৌদিশে প্ৰতিবাদী শ্লোগান। উত্তাল হ’ল ৰাজপথ। কথা দি কথা ৰাখিব নোৱাৰা চৰকাৰক ধিক্বাৰ-গৰিহণা সৰ্বত্ৰ।

দহিছে। বেয়াকৈ দহিছে গৰমে। বাহিৰলৈ ওলালে ছাতি। কি দিন কি ৰাতি। গৰমত শান্তি নোহোৱা হৈছে ৰাজ্যবাসীৰ। সোমবাৰৰ দিনটোত মহানগৰীত পাৰাস্তম্ভই চুলেগৈ ৩৭ৰ ঘৰ। ডিব্ৰুগড়, তেজপুৰ, নগাঁও, যোৰহাটতো উষ্ণতা ৩০ ডিগ্ৰী ছেলছিয়াছ। বঙাইগাঁৱত ৩৬ ডিগ্ৰী, তিনিচুকীয়াত ৩৮ ডিগ্ৰী ছেলছিয়াছলৈ বৃদ্ধি পালে উষ্ণতা। হাহাকাৰ সকলোৰে। মহানগৰীত এইদৰে নেমু পানী, আইচক্ৰীম খাই দেহাতো শীতল কৰাৰ চেষ্টা এওঁলোকৰ। দেই পুৰি নিয়া গৰমৰ বাবে ব্যাঘাত জন্মিছে স্বাভাৱি ক জীৱন যাত্ৰাত৷ বাইকখন চলালে হেলমেটৰ তলতে মূৰ ঘামে। খোজ কাঢ়িলেও তিতি যায় কাপোৰ। ঘৰৰ ভিতৰতো থাকিব নোৱাৰা অৱস্থা। ওপৰৰ মহলা হলেতো আৰু। সকলোৱে বাট চাই ৰৈছে এচাটি বতাহৰ আশাত৷ কিন্তু বতাহো নাই। একালৰ গছেভৰা মহানগৰী এতিয়া উন্নয়নৰ লোভত যে তহিলং।

বহুতেই কৈছে, এনেকুৱা গৰম জীৱনত পোৱা নাই। ভিৰ বাঢ়িছে মহানগৰীত বাঢ়িছে যান-জঁট। গাড়ী, বাইক, ই-ৰিক্সাৰ প্ৰতিযোগিত। তাৰ মাজতেই হৰ্ণ। ওপৰত ৰুদ্ৰ সূৰ্য দেৱতা। মহানগৰবাসীয়ে কৰিব কি। উপায়হীন ৰাজ্যবাসী। কিন্তু ইমানতেই জানো শেষ। ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত লোডশ্বেডিং…

বাল্ব নজলে, লোডশ্বেডিঙে জ্বলাইছে ৰাজ্যবাসীক। কিমান সমস্যা, ভাষাৰে বুজাব নোৱাৰি। ২৪ ঘন্টাই বিদ্যুত দিয়াৰ কথা কৈছিল চৰকাৰে। ৪ ঘন্টাও দিব পৰা নাই। নাই, নোৱাৰেই। ব্যৰ্থ চৰকাৰ। আমি এখন দীঘলীয়া তালিক দিব পাৰিম। সোমবাৰৰ দিনটোত যত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হল। আমগুৰি, বাঘবৰ, বৰপেটা, বিজনী, বিলাসীপাৰা, বিশ্বনাথ, চিৰাং, ডবকা, দলগাঁও, ধিং, গোৱালপাৰা, গহপুৰ, গোলাঘাট, গৰৈমাৰী, গোঁসাইগাঁও, হোজাই জামুগুৰিহাট, যোগীঘুপা, কলগাছিয়া, কলিয়াবৰ, কোকৰাঝাৰ, লাহৰিঘাট, মৰিয়নী, মৈৰাবাৰী সকলোতে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ। এই তালিকাত ২৪ ঠাইৰ প্ৰতিবাদ। আহি আছে ২৪ৰ লোকসভা নিৰ্বাচন। ২৪ ঘন্টা বিদ্যুত দিম বুলি কৈ ৪ ঘন্টাও ধৰিব পৰা নাই যোগান। ৰাজ্যৰ ২৪ ঠাইত প্ৰতিবাদ। চলিত ছেপ্তেম্বৰত চৌদিশে ক্ষোভ। তাৰ পাছতো নেতাই কয়- এইখন চৰকাৰৰ কথা কোনে বেয়াকৈ কটব কওক। ঠিক, চাব্বাছ চৰকাৰ!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...