আনন্দ মিশ্ৰৰ তথাকথিত ইমেজ মিডিয়াৰ সৃষ্টি: ৰমেন ডেকা

গুৱাহাটী, ৭ জুন, NKTV: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই নগাঁৱৰ জিলা অধীক্ষক আনন্দ মিশ্ৰ সন্দৰ্ভত এক তাৎপর্যপূৰ্ণ মন্তব্য কৰে। ডেকাই কয় যে, মিশ্ৰৰ প্ৰতিচ্ছবি সংশ্লেষিত আৰু সংবাদ মাধ্যমৰ দ্বাৰা উৎপন্ন।

বৰ্তমানৰ নগাঁৱৰ এছপি গৰাকীৰ প্ৰতিচ্ছবি সংশ্লেষিত আৰু মিডিয়াৰ সৃষ্টি। ধুবুৰী এছপি হিচাপে তেওঁৰ কাৰ্যকালৰ সঠিক অনুসন্ধানৰ প্ৰয়োজন। NIAৰ দ্বাৰা তদন্তও কৰিব লাগে। বিজেপি নেতা ৰমেন ডেকাই এক টুইটযোগে সোমবাৰে এই কথা সদৰী কৰে।

ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্ব গ্ৰহণ কৰাৰ পিছতে ধুবুৰীৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। ধুবুৰীৰ নাগৰিকসকলে তেওঁলোকৰ প্ৰিয় এছ পি মিশ্ৰক বিদায় জনোৱাৰ মুহুৰ্তত আৱেগিক হৈ পৰিছিল। নতুন কৰ্মস্থান নগাঁৱলৈ ৰাওনা হোৱাৰ সময়ত শ শ স্থানীয় লোকে তেওঁৰ চৰকাৰী বাসগৃহলৈ আহি এছ পি গৰাকীক অশ্ৰুশিক্ত নয়নেৰে বিদায় দিছিল।  

ফেচবুকত Fans of Dhubri পৃষ্ঠাৰ লাইভ ষ্ট্ৰীমিংত যুৱক-যুৱতীসকলৰ মাজত মিশ্ৰৰ প্ৰতি থকা মৰম আৰু উন্মাদনা স্পষ্ট হৈ পৰিছিল। যুৱক-যুৱতী সকলে কান্দি কান্দি, তেওঁক ধুবুৰীতে থাকিবলৈ অনুৰোধ কৰিছিল। যদিও জিলাখনত চোৰাং ব্যৱসায়ীসকলৰ সৈতে থকা সম্পৰ্কৰ অভিযোগত বৰ্তমানৰ ধুবুৰীৰ উপ-আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত মিশ্ৰৰ সৎ আৰু নিকা ভাৱমূৰ্তিৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে।

আনন্দ মিশ্ৰৰ দৰে এজন আৰক্ষী অধীক্ষক থকাৰ পিছত এজন উপ-আৰক্ষী অধীক্ষকে কেনেকৈ চোৰাং ব্যৱসায়ীসকলৰ সৈতে তেওঁৰ সম্পৰ্ক অব্যাহত ৰাখিব পাৰে তাক লৈ প্ৰশ্নও উত্থাপিত হৈছে।

ধুবুৰীৰ নাগৰিকে আনন্দ মিশ্ৰক ভাল পাইছিল কিয়নো তেওঁ সদায় জিলাখনৰ আইন-শৃংখলাজনিত প্ৰতিটো সমস্যা বা অভিযোগ খৰতকীয়াকৈ সমাধান কৰিছিল। ইয়াৰ প্ৰমাণ Fans of Dhubriয়ে আপলোড কৰা ভিডিঅ’বোৰত (ধুবুৰী আৰু অন্যান্যৰ অনুৰাগীসকলে শ্বেয়াৰ কৰা) দেখা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...

শ্বিলঙৰ ৰাজপথত CRPF-RAFৰ ফ্লেগ মাৰ্চ, কটকটীয়া নিৰাপত্তা ব্যৱস্থা

শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰ আশ্বাস দিবলৈ...