অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফী প্ৰতিযোগিতা। অহা ২৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত দেশৰ কেইবাগৰাকীও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰে বিভিন্ন মণ্ডলৰ হৈ অংশগ্ৰহণ কৰিব।
বিচিচিআইৰ ঘৰুৱা ক্ৰিকেট ছিজন ২০২৬–২৭ৰ অংশ হিচাপে আয়োজন কৰা এই প্ৰতিযোগিতাৰ মেচসমূহ দুটা স্থানত অনুষ্ঠিত হ’ব। সেই স্থান দুটা হৈছে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়াম আৰু উত্তৰ গুৱাহাটীৰ ফুলুঙস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰ।
প্ৰতিযোগিতাখনত মুঠ ছটা দলে অংশগ্ৰহণ কৰিব। দলকেইটা হৈছে পশ্চিম মণ্ডল, পূব মণ্ডল, উত্তৰ-পূব মণ্ডল, দক্ষিণ মণ্ডল, উত্তৰ মণ্ডল আৰু কেন্দ্ৰীয় মণ্ডল। লীগ আৰু নক-আউট পদ্ধতিৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ উদ্বোধনী দিনা অৰ্থাৎ ২৪ নৱেম্বৰত তিনিখন মেচ অনুষ্ঠিত হ’ব।
বৰ্ষাপাৰা এচিএ ষ্টেডিয়ামত পশ্চিম মণ্ডলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পূব মণ্ডল। একেদৰে উত্তৰ মণ্ডলে কেন্দ্ৰীয় মণ্ডলৰ বিৰুদ্ধে খেলিব। আনহাতে, ফুলুঙৰ এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত দক্ষিণ মণ্ডলৰ মুখামুখি হ’ব উত্তৰ-পূব মণ্ডল।
ইয়াৰ পিছত ২৬, ২৮ আৰু ৩০ নৱেম্বৰ তথা ২ ডিচেম্বৰত লীগ পৰ্যায়ৰ মেচসমূহ দুয়োটা স্থানতে অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অহা ৪ ডিচেম্বৰত উত্তৰ গুৱাহাটীৰ ফুলুঙস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব।
বিশেষভাৱে উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ ভিতৰত আছে স্মৃতি মান্ধানা, জেমিমা ৰড্ৰিগুৱেছ, ৰিচা ঘোষ, শ্ৰেয়ংকা পাটিল, শেফালী ভাৰ্মা, দীপ্তি শৰ্মা, হাৰলীন কৌৰ দেউল, অমনজোত কৌৰ, প্ৰতিকা ৰাৱাল, ৰেণুকা সিং ঠাকুৰ, ৰাধা যাদৱ, অৰুন্ধতী ৰেড্ডী, জি কমলিনী, নন্দিনী শৰ্মা, নিক্কী প্ৰসাদ, জিন্টিমণি কলিতা, উমা চেত্ৰী আৰু বৈষ্ণৱী শৰ্মা।
দেশৰ আগশাৰীৰ মহিলা ক্ৰিকেটাৰসকলৰ অংশগ্ৰহণে প্ৰতিযোগিতাখন অধিক আকৰ্ষণীয় কৰি তোলাৰ লগতে অসমৰ ক্ৰিকেটপ্ৰেমীসকলৰ বাবেও এয়া হ’ব এক বিশেষ সুযোগ। নিজৰ প্ৰিয় তাৰকা ক্ৰিকেটাৰসকলক ঘৰুৱা পৰিৱেশত খেলপথাৰত প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব ক্ৰীড়াপ্ৰেমীসকলে।
