বুলেট ট্ৰেইনৰ বাবে সাজু ভাৰত! ২০২৭ত ভাৰতত ঘণ্টাত ২৮০ কিমি বেগেৰে দৌৰিব বুলেট ট্ৰেইন; প্ৰথম যাত্ৰা আৰম্ভ হ’ব ছুৰাট–ভাপিৰ পৰা

ভাৰতৰ প্ৰথমখন দ্ৰুতবেগী ৰে’ল সেৱা ২০২৭ চনত আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত ছুৰাটৰ পৰা ভাপিলৈকে ৰে’লপথছোৱা মুকলি কৰা হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

মন্ত্ৰীগৰাকীয়ে ছাবষ্টেকত প্ৰকাশ কৰা এটা পোষ্টত এই কথা উল্লেখ কৰি কয় যে পৰৱৰ্তী পৰ্যায়ত ক্ৰমান্বয়ে সমগ্ৰ কৰিড’ৰটো মুম্বাইলৈকে সম্প্ৰসাৰিত কৰা হ’ব।

নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ছেপ্টেম্বৰ মাহলৈকে ৪৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পিয়াৰ নিৰ্মাণৰ কাম আৰু ৩৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভায়াডাক্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে।

তেওঁৰ মতে, ২৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত ছয় লাখ শব্দ প্ৰতিৰোধক (Noise Barrier) স্থাপন কৰা হৈছে। আনহাতে, ২০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভায়াডাক্টত ৯,৩০০টা অভাৰহেড ইলেক্ট্ৰিকেল ইকুইপমেণ্ট (OHE) মাষ্ট স্থাপন কৰা হৈছে।

ইয়াৰ উপৰি, চাৰিটা পাহাৰীয়া সুৰংগৰ খননকাৰ্য সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৰ ভিতৰত ৫ কিলোমিটাৰ অংশত পাহাৰ খনন পদ্ধতিৰে নিৰ্মাণকাৰ্য সম্পন্ন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে আঠখন ষ্টেচনৰ অসামৰিক নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে আৰু বৰ্তমান ষ্টেচনসমূহৰ স্থাপত্যগত সৌন্দৰ্যবৰ্ধন তথা ভিতৰুৱা সজাই-পৰাই তোলাৰ কাম চলি আছে।

তেওঁ লগতে জনায় যে ছাবৰমতী, ছুৰাট আৰু থানেৰ তিনিওটা ৰে’লৰ ডিপ’ নিৰ্মাণৰ কামো অব্যাহত আছে।

সাগৰৰ তলৰ সুৰংগ নিৰ্মাণৰ বিষয়ে উল্লেখ কৰি বৈষ্ণৱে কয় যে মহাৰাষ্ট্ৰত এই কৰিড’ৰটো ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগৰ মাজেৰে পাৰ হ’ব। ইয়াৰে ৭ কিলোমিটাৰ অংশ থানে ক্ৰীকৰ তলেদি সাগৰৰ মাজেৰে নিৰ্মাণ কৰা হৈছে।

এয়া হৈছে ভাৰতৰ প্ৰথমটো সাগৰৰ তলৰ ৰে’ল সুৰংগ।

বৈষ্ণৱে কয়, “২০২৬ চনৰ জুলাই মাহত বিক্ৰোলি আৰু ছাৱলীৰ পৰা দুটা টানেল ব’ৰিং মেচিন (TBM)ৰ জৰিয়তে সুৰংগ খননৰ কাম আৰম্ভ কৰা হৈছে। এই মেচিনসমূহ ভাৰতত ব্যৱহাৰ কৰা এতিয়ালৈকে আটাইতকৈ বৃহৎ আকাৰৰ মেচিনসমূহৰ ভিতৰত অন্যতম।”

তেওঁ লগতে কয়, “প্ৰতিটো মেচিনৰ কাটাৰহেডৰ ব্যাস ১৩.৬ মিটাৰ, যিটো প্ৰায় চাৰি মহলীয়া অট্টালিকাৰ সমান ওখ। প্ৰতিটো মেচিনৰ ওজন ৩,০০০ টনতকৈও অধিক, অৰ্থাৎ প্ৰায় ৫০০টা এছিয়ান হাতীৰ ওজনৰ সমান। মেচিনটোৰ দৈৰ্ঘ্য ৯৬ মিটাৰ, যিটো প্ৰায় পাঁচখন ক্ৰিকেট পিটছ একেৰাহে সংলগ্ন কৰিলে যিমান হয়, সিমান।”

ভাৰতৰ প্ৰথমখন বুলেট ট্ৰেইনৰ নিৰ্মাণৰ বিষয়েও উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় ৰে’লৱেৰ ইণ্টিগ্ৰেল ক’চ ফেক্টৰী (ICF) আৰু ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেডে (BEML) থলুৱাভাৱে নিৰ্মিত B28 ৰে’লৰ ছেট প্ৰস্তুত কৰি আছে। এই ৰে’লসমূহ ঘণ্টাত ২৮০ কিলোমিটাৰ বেগত চলিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

তেওঁ জানিবলৈ দিয়ে যে প্ৰথমখন ৰে’লৰ বডি ফ্ৰেমৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বৰ্তমান ইয়াৰ গাঁথনিগত পৰীক্ষা চলি আছে। ২০২৭ চনৰ মাজভাগৰ ভিতৰত ৰে’লখনৰ ট্ৰেক পৰীক্ষণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছৰ পৰ্যায়ত ঘণ্টাত ৩৫০ কিলোমিটাৰ বেগত চলিব পৰা অধিক দ্ৰুত B35 ৰে’ল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

ৰে’লমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰে’লপথৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দ্ৰুতবেগী ৰে’লৰ বৈদ্যুতিকীকৰণ ব্যৱস্থাৰ সকলো প্ৰধান ট্ৰেন্সফৰ্মাৰ, মাষ্টৰ ক্ৰছ আৰ্ম, গ্ৰাউণ্ড ৱায়াৰ, প্ৰটেকশ্যন ৱায়াৰ আৰু ফীডাৰ ৱায়াৰ ভাৰততে নিৰ্মাণ কৰা হৈছে।

২০১৭ চনত ঘোষণা কৰা এই প্ৰকল্পটো প্ৰায় এটা দশক পলম হোৱাৰ কাৰণ ব্যাখ্যা কৰি বৈষ্ণৱে কয় যে মহাৰাষ্ট্ৰত প্ৰয়োজনীয় চৰকাৰী অনুমতি আৰু ভূমি অধিগ্ৰহণ সম্পূৰ্ণ নোহোৱাৰ বাবে প্ৰায় আঢ়ৈ বছৰ ধৰি প্ৰকল্পটোৰ কাম আৰম্ভ কৰিব পৰা হোৱা নাছিল।

ইয়াৰ পিছতে ক’ভিড মহামাৰীৰ ফলত আৰু দুটা বছৰ নষ্ট হয়। ২০২১ চনৰ পৰাহে প্ৰকল্পটোৰ পূৰ্ণগতিত নিৰ্মাণকাৰ্য আৰম্ভ হয় বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয়, “সমালোচকসকলে যেতিয়া প্ৰশ্ন কৰে যে বুলেট ট্ৰেইনখন ক’ত, তেতিয়া ইয়াৰ প্ৰকৃত উত্তৰ হ’ল— প্ৰকল্পটোৰ প্ৰকৃত আৰু পূৰ্ণগতিত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা মাত্ৰ পাঁচ বছৰহে হৈছে। আৰু এই পাঁচ বছৰত কিমানখিনি কাম সম্পূৰ্ণ হৈছে, সেয়া সকলোৱে দেখিছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মণিপুৰত বিষাক্ত সুৰা সেৱনৰ সন্দেহত তিনি দিনত ১৫জনৰ মৃত্যু, চিকিৎসাধীন প্ৰায় ১৫০জন

মণিপুৰৰ চান্দেল জিলাত সন্দেহজনকভাৱে ভেজাল সুৰা সেৱনৰ ফলত বিগত...

মাত্ৰ ৩ কিলোমিটাৰৰ ৰে’লযাত্ৰা! ৭ মিনিটতে পাবগৈ গন্তব্যস্থান, ভাৰতৰ আটাইতকৈ চুটি ৰে’লযাত্ৰা

ভাৰতীয় ৰে'লৱেৰ বিশাল নেটৱৰ্কত কোনো ৰে'লযাত্ৰা সম্পূৰ্ণ কৰিবলৈ কেইবাদিনো...