২০১৭ চনত ম্যানমাৰৰ উত্তৰ ৰখাইন ৰাজ্যত ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানৰ সময়ত ম্যানমাৰে গণহত্যা সংঘটিত কৰিছিল বুলি বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে (International Court of Justice বা ICJ) ৰায় প্ৰদান কৰে। আদালতে উল্লেখ কৰে যে এই কাৰ্য গণহত্যা প্ৰতিৰোধ আৰু শাস্তি প্ৰদান সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তি (Genocide Convention)ৰ অধীনত ম্যানমাৰৰ দায়বদ্ধতাৰ উলংঘন।
ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ ন্যায়ালয়ে ২০১৭ চনত ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে ম্যানমাৰে গণহত্যা সংঘটিত কৰা বুলি ৰায় দিয়াৰ এদিন পিছতে শুকুৰবাৰে ভাৰতে এই ৰায়ৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভাৰতে কয় যে নতুন দিল্লীয়ে এই ৰায়ৰ বিষয়ে অৱগত হৈছে আৰু ৰখাইন ৰাজ্যৰ পৰা বিতাড়িত হোৱা ৰোহিংগীয়া লোকসকলৰ নিৰাপদ, দ্ৰুত আৰু বহনক্ষম প্ৰত্যাৱৰ্তনক ভাৰতে সদায় সমৰ্থন কৰি আহিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে দ্বি-সাপ্তাহিক সংবাদমেলত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ঐতিহাসিক ৰায় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে।
জয়ছোৱালে কয়, “আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ৰ সন্দৰ্ভত আমি এই ৰায়ৰ বিষয়ে অৱগত হৈছোঁ। ৰখাইন ৰাজ্যৰ পৰা স্থানচ্যুত হোৱা ৰোহিংগীয়া লোকসকলৰ নিৰাপদ, দ্ৰুত আৰু বহনক্ষম প্ৰত্যাৱৰ্তনক ভাৰতে সদায় সমৰ্থন কৰি আহিছে।”
তেওঁ লগতে কয়, “এই উদ্দেশ্যে ভাৰতে ইয়াৰ পূৰ্বে অপাৰেচন ইনছানিয়াতৰ অধীনত পাঁচটা পৰ্যায়ত সাহায্য সামগ্ৰী প্ৰেৰণ কৰি বাংলাদেশত থকা ৰোহিংগীয়া শিবিৰসমূহক সহায় আগবঢ়াইছিল। ইয়াৰ উপৰি আমি ম্যানমাৰৰ ৰখাইন ৰাজ্য উন্নয়ন কাৰ্যসূচীতো সহায় আগবঢ়াইছোঁ।”
উল্লেখ্য যে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ৰায় প্ৰদান কৰি কয় যে ২০১৭ চনত উত্তৰ ৰখাইন ৰাজ্যত চলোৱা ‘ক্লিয়াৰেন্স অপাৰেচন’ৰ সময়ত ম্যানমাৰে ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰিছিল। ইয়াৰ ফলত গণহত্যা প্ৰতিৰোধ আৰু শাস্তি প্ৰদান সম্পৰ্কীয় চুক্তিৰ অধীনত থকা ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা উলংঘন হৈছে।
ৰাষ্ট্ৰসংঘৰ শীৰ্ষ ন্যায়ালয়খনে দক্ষিণ-পূব এছিয়াৰ দেশ ম্যানমাৰক হিংসাত্মক ঘটনাৰ ফলত দেশ এৰি পলাবলৈ বাধ্য হোৱা হাজাৰ হাজাৰ লোকক নিজ গৃহভূমিলৈ উভতি আহিবলৈ অনুমতি দিবলৈও নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে গণহত্যা প্ৰতিৰোধ আৰু শাস্তি প্ৰদান সম্পৰ্কীয় চুক্তি উলংঘনৰ অভিযোগত ম্যানমাৰৰ বিৰুদ্ধে দ্য গাম্বিয়াই ২০১৯ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।
আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সভাপতি ইউজি ইৱাছাৱাই কয় যে ৯-৬ ভোটৰ ব্যৱধানত প্ৰদান কৰা ৰায়ত আদালতে এই সিদ্ধান্তত উপনীত হৈছে যে ম্যানমাৰে উত্তৰ ৰখাইন ৰাজ্যত ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰিছে আৰু ইয়াৰ জৰিয়তে গণহত্যা সম্পৰ্কীয় চুক্তিৰ অধীনত থকা নিজৰ দায়বদ্ধতা উলংঘন কৰিছে।
ইফালে, এক নিযুতৰো অধিক ৰোহিংগীয়া শৰণাৰ্থীক আশ্ৰয় দি থকা বাংলাদেশে এই ৰায়ক আদৰণি জনাইছে। দেশখনে এই ৰায়ক ন্যায় প্ৰতিষ্ঠা আৰু দীৰ্ঘদিনীয়া শৰণাৰ্থী সংকট সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে।
উল্লেখ্য যে ২০১৭ চনত ম্যানমাৰৰ সেনাই চলোৱা দমনমূলক অভিযানৰ পিছত নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ অধিকাংশ ৰোহিংগীয়া শৰণাৰ্থীয়ে নিজৰ গৃহভূমি ৰখাইন ৰাজ্য এৰি বাংলাদেশলৈ পলায়ন কৰিছিল।
সংবাদমেলত জয়ছোৱালক ৰাছিয়া, চীন আৰু আমেৰিকাৰ নেতাসকলৰ মাজত চীনৰ শ্বেনঝেনত অনুষ্ঠিত শেহতীয়া ত্ৰিপাক্ষিক বৈঠক সন্দৰ্ভতো প্ৰশ্ন কৰা হয়।
ইয়াৰ উত্তৰত তেওঁ কয়, “আমি এই এপেক (APEC)ৰ তিনিখন সদস্য ৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত বৈঠকৰ বিষয়ে অৱগত হৈছোঁ। এই বৈঠকৰ পৰা কি কি বাস্তৱিক ফলাফল ওলাইছে, সেই সন্দৰ্ভত অধিক বিস্তৃত তথ্য লাভ কৰাৰ পিছতহে আমি আমাৰ মূল্যায়ন প্ৰকাশ কৰিম। এই মুহূৰ্তত আমাৰ বক্তব্য ইমানেই।”
শেহতীয়াকৈ মেনিলাত অনুষ্ঠিত কোৱাড সন্মিলন সন্দৰ্ভতো সংবাদমেলত প্ৰশ্ন উত্থাপন কৰা হয়।
এজন সাংবাদিকে প্ৰশ্ন কৰে যে মেনিলাত আমেৰিকাই কোৱাড সন্মিলন আয়োজন কৰা যেন পৰিলক্ষিত হৈছে। ইয়াৰ অৰ্থ এয়াই নেকি যে ভাৰতে কোৱাডৰ অধ্যক্ষপদ বা নেতৃত্ব এৰি দিছে? অদূৰ ভৱিষ্যতে ভাৰতত কোৱাড সন্মিলন অনুষ্ঠিত নহ’ব নেকি? নে ভাৰতে এতিয়াও দেশত কোৱাড সন্মিলন আয়োজন কৰাৰ আশা পুহি ৰাখিছে?
ইয়াৰ উত্তৰত জয়ছোৱালে কয়, “আমি মেনিলাত কোৱাড সন্মিলন অনুষ্ঠিত কৰিছিলোঁ আৰু কোৱাডৰ চাৰিখন সদস্য ৰাষ্ট্ৰৰ নেতাসকলে তাত মিলিত হৈছিল। এই সন্মিলনৰ পিছত আমি এখন যৌথ বিবৃতি প্ৰকাশ কৰিছোঁ, যিখন আপোনালোকে নিশ্চয় দেখিছে। এই বৈঠকৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আৰু বাস্তৱিক ফলাফল ওলাইছে। ইয়াৰ ভিতৰত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া কোৱাড বিজনেছ লিডাৰ্ছ ফ’ৰাম অন্যতম।”
তেওঁ লগতে কয়, “উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা (AI), সামুদ্ৰিক নিৰীক্ষণ, অঞ্চলটোৰ কেবল সংযোগ ব্যৱস্থা, চাইবাৰ সুৰক্ষা সহযোগিতা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহতো আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নেতাসকলৰ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে এই সকলোবোৰ সিদ্ধান্তৰ লক্ষ্য হৈছে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ জনসাধাৰণ আৰু দেশসমূহৰ কল্যাণৰ বাবে বাস্তৱিক সহযোগিতা আগবঢ়োৱা।”
কোৱাডৰ অধ্যক্ষপদ সন্দৰ্ভত তেওঁ কয়, “এই বিষয়ত মই আপোনালোকক অধিক তথ্য পিছত জনাম।”
ইফালে, আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগ (USCIRF)-এ ভোটাৰ তালিকাৰ সৈতে জড়িত বিষয়ত ভাৰত চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো জয়ছোৱালক প্ৰশ্ন কৰা হয়।
ইয়াৰ উত্তৰত তেওঁ কয়, “USCIRF সন্দৰ্ভত মই পূৰ্বেও কোৱা কথাখিনি পুনৰ ক’ব বিচাৰিছোঁ। আমি এই সংস্থাটোক পক্ষপাতদুষ্ট আৰু স্পষ্টভাৱে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি গণ্য কৰোঁ। মোৰ মতে, ইমানেই পক্ষপাতদুষ্ট আৰু পূৰ্বধাৰণাৰে পৰিচালিত সংস্থাৰ বক্তব্যক গুৰুত্বসহকাৰে লোৱাৰ প্ৰয়োজন নাই।”
