চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ঋণ প্ৰদানৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। বেংকটোৱে গুৱাহাটী জ’নৰ অধীনত মুঠ ২৫০ কোটি টকাৰ ঋণ অনুমোদন কৰিছে। ইয়াৰ ভিতৰত কেৱল গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে ১০১ কোটি টকাৰ ঋণ অনুমোদন কৰি ঋণ বৃদ্ধিৰ গতি ত্বৰান্বিত কৰা, উদ্যোগীকৰণক উৎসাহিত কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিজৰ বিশেষ প্ৰচেষ্টাৰ পৰিচয় দিছে।
এই সফলতাৰ কথা চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত মেগা এমএছএমই আউটৰিচ কেম্পত বিশেষভাৱে উল্লেখ কৰা হয়। অনুষ্ঠানত বেংকটোৰ মহাপ্ৰবন্ধক শ্ৰী বি. এছ. হৰিলাল, নেডফিৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী পি. ভি. এছ. এল. এন. মূৰ্তি, কে.ভি.আই.চি. অসমৰ সহকাৰী সঞ্চালক শ্ৰী সঞ্জয় শৰ্মা, জ’নেল হেড শ্ৰী ৰজত মিশ্ৰ আৰু গুৱাহাটী আঞ্চলিক মুৰব্বী শ্ৰী বচন কুমাৰ দাস উপস্থিত থাকে।
এই কাৰ্যসূচীৰ জৰিয়তে উদ্যোগী, নতুনকৈ গঢ় লৈ উঠা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠিত উদ্যোগসমূহক প্ৰাতিষ্ঠানিক বিত্তীয় সাহায্য প্ৰদানৰ সুবিধা কৰি এমএছএমই খণ্ডক শক্তিশালী কৰাৰ প্ৰতি বেংকৰ অব্যাহত প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ পায়। লগতে, এই প্ৰচেষ্টাই সম্ভাৱ্য ঋণগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময়ৰ এক মঞ্চ প্ৰদান কৰাৰ উপৰি উদ্যোগীসকলৰ বাবে উপলব্ধ বিভিন্ন ঋণ সুবিধা আৰু চৰকাৰী পৃষ্ঠপোষকতাত ৰূপায়িত আঁচনিসমূহৰ বিষয়েও অৱগত কৰে।
উত্তৰ-পূৰ্বাঞ্চলক উৎপাদন, আন্তঃগাঁথনি, বাণিজ্য আৰু সেৱা খণ্ডত অধিক বিনিয়োগৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ লক্ষ্য বাস্তৱায়িত কৰাত বেংকটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে।
অঞ্চলটোৰ ভৌগোলিক প্ৰত্যাহ্বান আৰু বিভিন্ন পৰিচালনাগত পৰিস্থিতিৰ মাজতো উত্তৰ-পূৰ্বাঞ্চলত অৰ্থনৈতিক বিকাশৰ অপাৰ সম্ভাৱনা আৰু বহুতো সুযোগ নিহিত হৈ আছে। এই সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই লক্ষ্যভিত্তিক ঋণ প্ৰদান, বিত্তীয় অন্তৰ্ভুক্তি, চৰকাৰী আঁচনিৰ ৰূপায়ণ আৰু গ্ৰাহককেন্দ্ৰিক বেংকিং সেৱাৰ জৰিয়তে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
গুৱাহাটী জ’নত মুঠ ২৫০ কোটি টকাৰ ঋণ অনুমোদন, যাৰ ভিতৰত গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ ১০১ কোটি টকাৰ অৱদান, বেংকৰ নেতৃত্ব, আঞ্চলিক পৰিচালনা আৰু শাখাসমূহৰ দলীয় প্ৰচেষ্টা তথা অন্তৰ্ভুক্তিমূলক অৰ্থনৈতিক বিকাশৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতিফলন।
বেংকটোৱে এমএছএমই উদ্যোগীসকলক সবলীকৰণ, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি, স্থানীয় উদ্যোগসমূহৰ বিকাশ আৰু এখন শক্তিশালী, আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।
