ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ হৈ যুঁজিছে ভাৰত-বাংলাদেশৰ বহু যুৱকে! কামৰ প্ৰলোভনেৰে ৰাছিয়ালৈ নি সেনাত যোগদান কৰোৱাৰ অভিযোগ যুদ্ধক্ষেত্ৰৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰি যুৱ সমাজক সতৰ্কবাণী বাংলাদেশী যুৱকৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত কাছাৰৰ যুৱক মুক্তাদিৰ লস্কৰ সন্ধানহীন হোৱাৰ খবৰৰ মাজতে এজন বাংলাদেশী যুৱকৰ ভিডিঅ’ই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত ভাইৰেল যুৱকজনে কামৰ প্ৰলোভনেৰে ৰাছিয়ালৈ নি সেনাত যোগদান কৰোৱাৰ অভিযোগ উত্থাপন কৰিছে। এফালে অধিক উপাৰ্জনৰ প্ৰলোভন, আনফালে যুদ্ধৰ ভয়ংকৰ বাস্তৱতা। ৰাছিয়াৰ ৰণাংগণত আবদ্ধ বহু ভাৰতীয় আৰু বাংলাদেশী যুৱকক লৈ উদ্বেগ। সামাজিক মাধ্যমত ভিডিঅ’ প্ৰকাশ কৰি ভাৰত-বাংলাদেশৰ যুৱকসকলক ৰাছিয়ান সেনাত যোগদান নকৰিবলৈ আহ্বান এজন বাংলাদেশী যুৱকজনৰ।

টকাৰ প্ৰলোভনত ৰাছিয়াৰ সেনাত যোগদান, তাৰ পিছতে সন্মুখীন হ’বলগীয়া হৈছে মৃত্যুৰ বিভীষিকাৰ। যুদ্ধৰ ভয়ংকৰ বাস্তৱতা সামাজিক মাধ্যমত প্ৰকাশ কৰি ভাৰত আৰু বাংলাদেশৰ যুৱকসকলক ৰাছিয়ান সেনাত যোগদান নকৰিবলৈ আহ্বান।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক বিষয়। অধিক উপাৰ্জন আৰু আৰ্থিক সুবিধাৰ প্ৰলোভনত ভাৰত আৰু বাংলাদেশৰ বহু যুৱকে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰি যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হোৱা বুলি দাবী কৰিছে এজন বাংলাদেশী যুৱকে। ৰাছিয়ান সেনাত কৰ্মৰত বুলি দাবী কৰা যুৱকজনে সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি যুদ্ধক্ষেত্ৰৰ ভয়ংকৰ পৰিস্থিতিৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে ভাৰত আৰু বাংলাদেশৰ যুৱকসকলক সতৰ্ক কৰি দিছে।

ভিডিঅ’টোত যুৱকজনে ৰাছিয়াৰ সেনাত যোগদান কৰাৰ পিছত সন্মুখীন হোৱা ভয়ংকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে, টকা আৰু উন্নত জীৱন-যাপনৰ প্ৰলোভনত বিদেশী সেনাবাহিনীত যোগদান কৰিলেও যুদ্ধক্ষেত্ৰত উপস্থিত হোৱাৰ পিছত বাস্তৱ পৰিস্থিতি সম্পূৰ্ণ পৃথক হৈ পৰে। চৌদিশে গোলাবৰ্ষণ, আক্ৰমণ আৰু মৃত্যুৰ আতংকৰ মাজত প্ৰতিটো মুহূৰ্ত পাৰ কৰিবলগীয়া হয়। যিকোনো সময়তে প্ৰাণ হেৰুওৱাৰ আশংকা থাকে। ৯৫ শতাংশই মৃত্যু নিশ্চিত বুলি মন্তব্য যুৱকজনৰ।

যুৱকজনৰ দাবী অনুসৰি, কেৱল বাংলাদেশৰেই নহয়, ভাৰতৰো বহু যুৱকে আৰ্থিক সুবিধাৰ আশাত ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছে। কিন্তু যুদ্ধক্ষেত্ৰৰ ভয়ংকৰ বাস্তৱতাৰ সন্মুখীন হোৱাৰ পিছত তেওঁলোকৰ অৱস্থা শোচনীয় হৈ পৰে। সেয়েহে এনে প্ৰলোভনত ভৰি নিদিবলৈ আৰু ৰাছিয়াৰ সেনাত যোগদানৰ পৰা বিৰত থাকিবলৈ তেওঁ ভাৰত-বাংলাদেশৰ যুৱকসকলক আহ্বান জনাইছে।

ইফালে, অসমৰ কাছাৰ জিলাৰ সোণাই অঞ্চলৰ এজন যুৱকো ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালৰ দাবী অনুসৰি, যুৱকজন বিগত কেইবামাহো ধৰি সন্ধানহীন হৈ আছে। তেওঁৰ সৈতে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ পিছতে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰাৰ সন্দেহ অধিক ঘনীভূত হৈছে। যুৱকজনক ৰাছিয়াৰ সেনাবাহিনীৰ পোছাকত প্ৰকাশ পোৱা এখন ফটোৰ পাছতে পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মুক্তাদিৰ লস্কৰৰ পৰিয়ালৰ লোকে বাংলাদেশী যুৱকজনৰ সৈতে যোগাযোগ কৰিছিলে। কিন্তু মুক্তাদিৰ সন্দৰ্ভত কোনো ধৰণৰ খবৰ পোৱা নাই বুলি মন্তব্য কৰে বাংলাদেশী যুৱকজনে।

উল্লেখ্য যে, ৰাছিয়াৰ সেনাবাহিনীত ভাৰতীয় যুৱকৰ যোগদানৰ বিষয়টোৱে পূৰ্বেও বিভিন্ন সময়ত চৰ্চা লাভ কৰি আহিছে। বিদেশত অধিক উপাৰ্জনৰ আশাত বিভিন্ন এজেণ্টৰ প্ৰলোভনত পৰি যুৱকসকল বিপদজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগো উত্থাপন হৈ আহিছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা বাংলাদেশী যুৱকজনৰ ভিডিঅ’ আৰু কাছাৰৰ সন্ধানহীন যুৱকজনক লৈ পৰিয়ালৰ উদ্বেগে পুনৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। অধিক উপাৰ্জনৰ আশাত বিদেশলৈ যোৱাৰ সপোন দেখোঁতে যুৱকসকল অজানিতে যুদ্ধৰ ৰণক্ষেত্ৰত উপস্থিত হৈ পৰিছে নেকি? টকাৰ প্ৰলোভনত জীৱনক বিপদৰ মুখলৈ ঠেলি দিয়াৰ পূৰ্বে প্ৰতিগৰাকী যুৱককে সতৰ্ক আৰু সচেতন হ’বলৈ আহ্বান জনোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাত্ৰ ৩ কিলোমিটাৰৰ ৰে’লযাত্ৰা! ৭ মিনিটতে পাবগৈ গন্তব্যস্থান, ভাৰতৰ আটাইতকৈ চুটি ৰে’লযাত্ৰা

ভাৰতীয় ৰে'লৱেৰ বিশাল নেটৱৰ্কত কোনো ৰে'লযাত্ৰা সম্পূৰ্ণ কৰিবলৈ কেইবাদিনো...

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটী জ’নত ২৫০ কোটি টকাৰ ঋণ অনুমোদন

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ঋণ প্ৰদানৰ ক্ষেত্ৰত এক উল্লেখযোগ্য...

মাত্ৰ ২০ হাজাৰ টকাতে ১২ দিনত দক্ষিণ ভাৰতৰ ৯টা পৰ্যটনস্থলী ভ্ৰমণৰ সুবিধা IRCTCৰ

দক্ষিণ ভাৰতৰ ঐতিহাসিক মন্দিৰ, তীৰ্থস্থান আৰু মনোমোহা পৰ্যটনস্থলী ভ্ৰমণৰ...