মটক স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনৰ বাবে ৩০টা সমষ্টিৰ অধিসূচনা জাৰি কৰিছে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে। মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ ৫ আৰু ৩০ নং ধাৰাৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপালে এই অধিসূচনা জাৰি কৰিছে।
অধিসূচনা অনুসৰি, মটক স্বায়ত্তশাসিত পৰিষদৰ ৩০টা সমষ্টিৰ অন্তৰ্গত মুঠ ৩৫৮খন গাঁও সামৰি লোৱা হৈছে। লগতে মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে।এই অধিসূচনা জাৰি কৰাৰ মূল উদ্দেশ্য হৈছে মটক স্বায়ত্তশাসিত পৰিষদত সমতাপূৰ্ণ প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু জনস্বাৰ্থৰ সুৰক্ষা কৰা।
অধিসূচনাখনত সমষ্টিসমূহৰ নাম, অন্তৰ্ভুক্ত গাঁওসমূহ আৰু সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সবিশেষ উল্লেখ কৰা হৈছে। প্ৰকাশিত তালিকা অনুসৰি, ডিব্ৰুগড়, তিনিচুকীয়া , যোৰহাট, শিৱসাগৰ বিশ্বনাথ, লখিমপুৰ, ধেমাজি জিলাৰ অন্তৰ্গত মটক জনগোষ্ঠী অধ্যুষিত গাঁওসমূহক সামৰি সমষ্টিসমূহ গঠন কৰা হৈছে।
