বঙাইগাঁও জিলাত পুনৰ স্ক্ৰাব টাইফাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে। জিলাখনৰ যোগীঘোপাৰ চলন্তাপাৰাত স্ক্ৰাব টাইফাছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন ৬৮ বছৰীয়া ব্যক্তিৰ। মৃত ব্যক্তিজন চলন্তাপাৰা খুটাপাৰা গাঁৱৰ মনিৰুল হক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, কেইবাদিনো ধৰি জ্বৰ আৰু কাহত আক্ৰান্ত হৈ আছিল মনিৰুল হক। অসুস্থতাৰ বাবে প্ৰথমে তেওঁক চলন্তাপাৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰোৱা হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত মনিৰুল হক স্ক্ৰাব টাইফাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে লোকজনৰ। ইফালে, চিগাৰ নামৰ এবিধ অতি ক্ষুদ্ৰ অচিনাক্ত পোকৰ কামোৰৰ ফলতে তেওঁ এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। এই ঘটনাৰ পিছতে চলন্তাপাৰা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত স্ক্ৰাব টাইফাছক লৈ আতংকৰ সৃষ্টি হৈছে।
