আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সৈতে পুনৰ সংঘাতত লিপ্ত হ’ল দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এইবাৰ ভাৰতৰ অৰ্থনীতিক ঢাল হিচাপে লৈ ফেডাৰেল ৰিজাৰ্ভৰ সুদনীতিৰ সমালোচনা কৰিলে ট্ৰাম্পে। শুকুৰবাৰে হোৱাইট হাউছত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ কয়, “ভাৰতৰ ফালে চাওক। দেশখনৰ সুদৰ হাৰ কিমান কম। তাৰ পাছতো ৭ শতাংশ হাৰত অৰ্থনৈতিক বিকাশ ঘটিছে।”
আমেৰিকাত সুদৰ হাৰ অধিক হোৱাৰ বাবেই দেশখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ কম বুলি মত প্ৰকাশ কৰে ট্ৰাম্পে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ ৰেট ৫.৫০ শতাংশ। আনহাতে, আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সুদৰ হাৰ ৩.৭৫ৰ পৰা ৪ শতাংশ। এই হিচাপত চালে ভাৰতত সুদৰ হাৰ তুলনামূলকভাৱে অধিক। অৱশ্যে অৰ্থনৈতিক বিশেষজ্ঞসকলৰ একাংশৰ মতে, ভাৰতৰ ৰেপ’ ৰেট আৰু আমেৰিকাৰ ফেডাৰেল ফাণ্ডছ ৰেট একে নহয়। দুয়োখন দেশৰ অৰ্থনৈতিক পৰিস্থিতিও পৃথক।
কেৱল অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি কৰাই ফেডাৰেল ৰিজাৰ্ভৰ একমাত্ৰ লক্ষ্য নহয়। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি কৰ্মসংস্থাপন বৃদ্ধি কৰালৈকে বিভিন্ন বিষয় ফেডাৰেল ৰিজাৰ্ভৰ সিদ্ধান্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইয়াৰ বিপৰীতে ট্ৰাম্পে সুদৰ হাৰৰ তুলনা টানি কয়, “আমাৰ সুদৰ হাৰ অত্যন্ত বেছি। এই হাৰ হ্ৰাস কৰিলেই অৰ্থনৈতিক বিকাশৰ হাৰ ১৫ৰ পৰা ২০ শতাংশলৈ বৃদ্ধি পাব পাৰে।”
বৰ্তমান আমেৰিকাৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৪ শতাংশ বুলি উল্লেখ কৰি ইয়াৰ বাবে ফেডাৰেল ৰিজাৰ্ভৰ ওপৰত থকা ৰাজনৈতিক প্ৰভাৱক দায়ী কৰে ট্ৰাম্পে। তেওঁৰ ভাষ্য, “মই অধ্যক্ষক দোষাৰোপ কৰা নাই। মোৰ আপত্তি তেওঁলোকৰ নীতিক লৈহে। ফেডাৰেল ৰিজাৰ্ভৰ ওপৰত ৰাজনৈতিক হেঁচা আছে।”
ফেডাৰেল ৰিজাৰ্ভৰ প্ৰাক্তন অধ্যক্ষ এলান গ্ৰীণস্পেনৰো প্ৰশংসা কৰে ট্ৰাম্পে। তেওঁৰ দাবী, অৰ্থনৈতিক পৰিস্থিতি ভাল থাকিলে গ্ৰীণস্পেনে সুদৰ হাৰ হ্ৰাস কৰিলেহেঁতেন। ফলত সহজে ঋণ লাভ কৰাটো সম্ভৱ হ’লহেঁতেন। কিন্তু বৰ্তমান কেন্দ্ৰীয় বেংকে ইয়াৰ বিপৰীত পথেৰে আগবাঢ়িছে বুলি অভিযোগ কৰে ট্ৰাম্পে।
ইয়াৰ পাছতে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰসংগ উত্থাপন কৰি ট্ৰাম্পে কয়, “ভাৰতৰ ফালে চাওক। দেশখনৰ সুদৰ হাৰ কম। তাৰ পাছতো ৭ শতাংশ হাৰত অৰ্থনৈতিক বিকাশ ঘটিছে।”
উল্লেখ্য যে, ফেডাৰেল ৰিজাৰ্ভৰ সুদনীতিক লৈ ট্ৰাম্পৰ অসন্তুষ্টি নতুন কথা নহয়। তেওঁৰ প্ৰথমটো ৰাষ্ট্ৰপতিত্বৰ কাৰ্যকালত ২০১৮ চনত জেৰ’ম পাৱেলক ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ট্ৰাম্পে। কিন্তু নিজৰ ইচ্ছা অনুসৰি সুদৰ হাৰ হ্ৰাস নকৰাৰ বাবে পাছলৈ পাৱেলক তীব্ৰ সমালোচনা কৰিছিল তেওঁ।
২০২৫ চনত কেন্দ্ৰীয় বেংকৰ মুখ্য কাৰ্যালয় মেৰামতিৰ কামক লৈও দুয়োপক্ষৰ মাজত সংঘাত তুংগত উঠিছিল।
উল্লেখ্য যে, ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৭.১ শতাংশ হ’ব পাৰে বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে বিশ্ব বেংকে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পূৰ্বানুমানও একেই। ইয়াৰ পূৰ্বে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৭.৬ শতাংশ।
