আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড তাজনুৰ

গুৱাহাটী, ৭ জুন, NKTV:অৱশেষত আৰক্ষীৰ জালত মষ্ট ওৱান্টেড অপৰাধী,ডকাইতৰ চৰ্দাৰ তাজনুৰ ইছলাম ওৰফে ৰাজা। পূৰ্বে একাংশ আৰক্ষীৰ ৰাজ আতিথ্যত লালিত পালিত হৈ অপৰাধ জগতৰ অন্যতম কুখ্যাত অপৰাধী ৰূপে পৰিচিত জুৰীয়াৰ পৰমাইভেটিৰ তাজনুৰ ওৰফে ৰাজাক নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যোৱা নিশা আটক কৰে। নগাঁৱৰ কাতিমাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তাজনুৰ ওৰফে ৰাজাক। মৰিগাঁও জিলাৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াৰ আতিথ্য গ্ৰহণ কৰি সমগ্ৰ জিলা খনতেই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল তাজনুৰে। ভয় ভাবুকিৰে নিৰীহ লোকক অত্যাচাৰ কৰি আহিছিল এইজন ডকাইতৰ চৰ্দাৰে। অভিযোগ অনুসৰি ডকাইতৰ চৰ্দাৰ ৰূপে পৰিচিত কুখ্যাত অপৰাধীটো মৰিগাঁও জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াজনৰ ইমানেই বুকুৰ কুটুম আছিল যে জিলাখনৰ বিভিন্ন থানাৰ পৰা মাহিলী ধন উঠোৱাৰ দায়িত্বও লাভ কৰিছিল। তাজনুৰৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত ২৫৬/২০ আৰু ৩১/২০ৰ দুটাকৈ গোচৰ ৰুজু হৈ আছে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত জুৰীয়া আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে এই কুখ্যাত ডকাইতটোৰ লগতে সহযোগী ফৰিদুল ইছলাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...