ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামত প্ৰচাৰিত ভুৱা পৰ্ণ এপৰ জৰিয়তে বৃদ্ধি পোৱা বিত্তীয় প্ৰৱঞ্চনাৰ সন্দৰ্ভত সতৰ্কবাৰ্তা জাৰি কৰিছে নেচনেল চাইবাৰক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিট (NCTAU)-এ। নাইট প্লে (Night Play), ৰিলুপ (Reloop), কিছ (Kyss), ভিমো (Vimo), ৰিভো (Rivo) আদি আকৰ্ষণীয় নামেৰে চলোৱা বিজ্ঞাপনসমূহৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক সন্দেহজনক ৱেবছাইটলৈ লৈ গৈ প্লে ষ্ট’ৰৰ বাহিৰৰ ক্ষতিকাৰক এপ (APK) ফাইল ডাউনলোড কৰিবলৈ প্ৰলোভিত কৰা হয়।
এই এপসমূহে ব্যৱহাৰকাৰীৰ পৰা সংবেদনশীল ‘এক্সেছিবিলিটি’ (Accessibility) অনুমতি লাভ কৰাৰ পিছত ফোনটো নিজৰ নিয়ন্ত্ৰণলৈ নি পিছফালে গোপনে চলাই ৰাখে। বহু সময়ত এই ক্ষতিকাৰক এপে ব্যৱহাৰকাৰীৰ অজ্ঞাতে নিজা ভিপিএন (VPN) ইনষ্টল কৰি সকলো ইণ্টাৰনেট ট্ৰাফিক হেকাৰৰ ছাৰ্ভাৰলৈ প্ৰেৰণ কৰে আৰু স্বাভাৱিকভাৱে আনইনষ্টল হোৱাৰ পথ বন্ধ কৰি দিয়ে। এবাৰ ফোনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ হাতলৈ যোৱাৰ পিছত চাইবাৰ অপৰাধীসকলে সহজেই বেংক একাউণ্ট খালী কৰাৰ লগতে বিভিন্ন অননুমোদিত বিত্তীয় লেনদেন সম্পন্ন কৰে।
এই বিপদৰ পৰা হাত সাৰিবলৈ গুগ্ল প্লে ষ্ট’ৰ বা নিৰ্ভৰযোগ্য উৎসৰ বাহিৰে কোনো অজ্ঞাত লিংক বা বিজ্ঞাপনৰ পৰা এপ ডাউনলোড নকৰিবলৈ কৰ্তৃপক্ষই কঠোৰ পৰামৰ্শ দিছে। লগতে কোনো অচিনাকি এপক এক্সেছিবিলিটি অনুমতি প্ৰদান নকৰিবলৈ আৰু ডিভাইচত ‘গুগ্ল প্লে প্ৰটেক্ট’ সক্ৰিয় ৰাখিবলৈ আহ্বান জনোৱা হৈছে। যদি কোনো ডিভাইচ এনে মেলৱেৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ হয়, তেন্তে ফোনটো ‘ছেফ ম’ড’ত (Safe Mode) ৰিবুট কৰি সন্দেহজনক এপসমূহ তৎকালীনভাৱে আনইনষ্টল কৰা উচিত। এনে কোনো চাইবাৰ প্ৰৱঞ্চনাৰ বলি হ’লে পলম নকৰি ১৯৩০ নম্বৰত যোগাযোগ কৰিবলৈ অথবা cybercrime.gov.in পৰ্টেলত অভিযোগ দাখিল কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে।
