নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০০ পাৰ, নতুন সতৰ্কবাৰ্তা জাৰি; ‘অকল্পনীয় দুৰ্যোগ’ : প্ৰধানমন্ত্ৰী বলেন শ্বাহ

নেপালত হোৱা প্ৰলয়ংকৰী আকস্মিক বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি অধিক সংকটজনক হৈ পৰিছে আৰু এই দুৰ্যোগত এতিয়ালৈকে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০৩ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও প্ৰায় ৩২০ গৰাকী বিদেশী নাগৰিককে ধৰি ৪ হাজাৰতকৈ অধিক লোক বৰ্তমানো সন্ধানহীন হৈ আছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ (NDRRMA) তথ্য অনুসৰি, চিত্তৱন, পূব নৱলপৰাসী, পশ্চিম নৱলপৰাসী, নুৱাকোট, গোৰ্খা, ধাডিং আদি জিলাৰ পৰা বৃহৎসংখ্যক মৃতদেহ উদ্ধাৰ কৰা হৈছে।

আনহাতে ভটেকোশী আৰু ত্ৰিশূলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নতুনকৈ বানৰ সতৰ্কবাৰ্তা জাৰি কৰিছে আৰু সতৰ্কতামূলক বাৰ্তা জনসাধাৰণৰ মোবাইল ফোনলৈ প্ৰেৰণ কৰিছে। ত্ৰিশূলী নদীৰ বানে পৃথ্বী ঘাইপথ সংযোগী এখন গুৰুত্বপূৰ্ণ ওলমা দলং উটুৱাই লৈ যায়। দেশখনৰ এই সংকটজনক পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কয় যে হিমালয়ৰ কোলাত অৱস্থিত দেশখনে এক ‘অকল্পনীয় আৰু হৃদয়বিদাৰক’ দুৰ্যোগৰ সন্মুখীন হৈছে। প্ৰতিকূল বতৰ আৰু দুৰ্গম ভৌগোলিক পৰিৱেশৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট বাধা আহি পৰিছে যদিও নাগৰিকসকলক সুৰক্ষা প্ৰদানৰ বাবে উদ্ধাৰকাৰ্য অব্যাহত ৰখা হৈছে।

মৃতকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ বাবে দেশখনৰ মৰ্গত স্থানৰ নাটনিয়ে দেখা দিছে। সেয়েহে চিনাক্ত নোহোৱা মৃতদেহসমূহৰ ডিএনএ (DNA) নমুনা সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ পিছত সৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ নেপালে বৈদেশিক সাহায্য গ্ৰহণ কৰিছে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (NDRF) তথা বিশেষ ফৰেনচিক বিশেষজ্ঞৰ দলে নেপালত উপস্থিত হৈ উদ্ধাৰ আৰু মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...