অলিম্পিকৰ বক্সিং ৰিঙৰ পৰা ৰেম্প ৱাকলৈ লাভলীনাৰ সোণসেৰীয়া যাত্ৰা

লাভলীনা বৰগোহাঁই প্ৰতিগৰাকী অসমীয়াৰ আবেগ। টকিঅ’ত ব্ৰঞ্জৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অলিম্পিকত পদকজয়ী প্ৰথমগৰাকী অসমীয়া। বিজেন্দৰ সিং আৰু এম চি মেৰীকমৰ পিছত অলিম্পিকত পদক লাভ কৰা দেশৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে পৰিগণিত হ’ল লাভলীনা।

১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাট জিলাৰ বৰথাৰৰ বাৰমুখীয়াত জন্মগ্ৰহণ কৰিছিল লাভলীনা বৰগোঁহাইয়ে। বাৰমুখীয়া গাঁৱৰ টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ কনিষ্ঠ কন্যা লাভলীনা বৰগোহাঁই।

অসমৰ প্ৰথম মহিলা আৰু দ্বিতীয়গৰাকী বক্সাৰ হিচাপে অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিছিল লাভলীনাই। ইয়াৰ পূৰ্বে শিৱ থাপাই অলিম্পিকত খেলাৰ সুযোগ পাইছিল অলিম্পিকত। ২৩ বছৰীয়া বয়সতে প্ৰথমখন অলিম্পিকতে পদক অৰ্জন কৰা উঃ-পূবৰ দ্বিতীয়গৰাকী খেলুৱৈ।

২০১৮ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ২০১৯ বৰ্ষতো বিশ্ব চেম্পিয়নশ্বিপত দখল কৰিছিল ব্ৰঞ্জৰ পদক। ২০১৭ আৰু ২০২১ৰ এছিয়ান চেম্পিয়নশ্বিপত জয় কৰিছিল ব্ৰঞ্জৰ পদক। ২০২০ বৰ্ষত অৰ্জুন পুৰস্কাৰেৰে সন্মানিত হৈছিল।

প্ৰথমাৱস্থাত মোৱা-থাই নামৰ মাৰ্চিয়েল আৰ্টৰ প্ৰতি আকৰ্ষিত হৈছিল লাভলীনা। প্ৰশান্ত দাস নামৰ প্ৰশিক্ষক গৰাকীৰ তত্ত্বাৱধানত আহৰণ কৰিছিল মোৱা-থাইৰ টিপছ। যোৰহাট আৰু ঝাৰখণ্ডৰ মোৱা-থাইৰ প্ৰতিযোগিতাত পদক জিনিছিল লাভলীনাই।

২০১১ চনত সৰুপথাৰত ভাৰতীয় খেল প্ৰাধিকৰণৰ সন্মুখত প্ৰদৰ্শন কৰিছিল নিজৰ প্ৰতিভা। ৩ মাহৰ পাছত গুৱাহাটী ছাই কেন্দ্ৰলৈ নিৰ্বাচিত হৈছিল লাভলীনা। কলকাতাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত আনৰ পোচাক পিন্ধি অৱতীৰ্ণ হৈছিল।

শেহতীয়াভাবে মডেলৰ ৰূপত দেখা গল লাভলীনাক। নৰ্থ-ইষ্ট ফেষ্টিভেলত ৰেম্প ৱাক কৰিলে বক্সাৰগৰাকীয়ে। ফেশ্বন ডিজাইনাৰ বিদ্যুত আৰু ৰাকেশৰ বিয়াৰ পোছাক পিন্ধি সকলোকে অভিভূত কৰিলে লাভলীনাই।

উত্স-ইণ্টাৰনেট

পৰম্পৰাগত মালবেৰী চিল্ক পাটৰ শাৰী পিন্ধি আনন্দিত হোৱা বুলি উল্লেখ কৰে লাভলীনাই। ছচিয়েল মিডিয়াতো সমানে এক্টিভ যুৱ তাৰকাগৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...