এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব নেকি অসমৰ প্ৰতীকপট?

গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অসমৰ প্ৰতীকপট প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে পত্ৰ। ‘আজাদী কা অমৃত মহোৎসৱ’ক লৈ সাজু হ’বলৈ নিৰ্দেশ দিছে অসম চৰকাৰক। এই সন্দৰ্ভত ৫ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত অসমৰ প্ৰতীকপট সম্বন্ধে লোৱা সিদ্ধান্তৰ কিছু সালসলনি কৰিবলৈ উপদেশ দিছে কেন্দ্ৰীয় চৰকাৰে। ৪২ৰ গণ আন্দোলনৰ সময়ত গহপুৰ থানাত কেনেদৰে কনকলতাই ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল, এই বিষয়ক লৈ এইবাৰৰ প্ৰতীকপট সাজু কৰিছে ৰাজ্য চৰকাৰে। অৱশ্যে থিম মডেল চিলেকচন অনুসৰি অসম চৰকাৰলৈ এতিয়ালৈকে অহা নাই নিমন্ত্ৰণ। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ নিৰ্বাচনৰ বাবে এতিয়া অপেক্ষা কৰিছে ৰাজ্য চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...