কলম্বিয়া ইউনিভাৰ্চিটীৰ এথলিটিকছ হল অফ ফেমত অন্তর্ভুক্ত অসম সন্তান বিদ্যুৎ কুমাৰ গোস্বামী

0 122

অসম সন্তান বিদ্যুৎ কুমাৰ গোস্বামীয়ে কঢ়িয়াই আনিলে এক গৌৰৱময় বার্তা। উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ প্রয়াত প্রভাত কুমাৰ গোস্বামী আৰু জ্যোতির্ময়ী গোস্বামীৰ সন্তান বিদ্যুৎ কুমাৰ গোস্বামী। ২০২৩ চনৰ ১২ অক্টোবৰত ‘কলম্বিয়া ইউনিভাৰচিটী এথলিটিকছ হল অফ ফেম’ত অন্তর্ভুক্ত হৈ নিজে সম্মানিত হোৱাৰ লগতে সম্মানিত কৰিলে অসমকো। নিউয়র্কত অনুষ্ঠিত এই গৌৰৱময় অনুষ্ঠানৰ সৈতে কিছুসংখ্যক বিশেষ ব্যক্তিকহে সংপৃক্ত কৰা হয়। কলম্বিয়া ইউনিভাৰ্চিটী এথলিটিকছ হল অফ ফেম এনে একাংশ লোকক সম্মানিত কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছে, যিসকলে নিজৰ অসামান্য অৱদানেৰে আন্তঃকলেজ এথলেটিকছৰ ক্ষেত্ৰখনত সফলতাৰ স্বর্ণিল ইতিহাস ৰচনা কৰিছে। এনে স্বীকৃতি তথা সন্মানৰ অংশীদাৰ হৈ পৰিছে কলম্বিয়া বিশ্ববিদ্যালয়ো |

বিদ্যুৎ কুমাৰ গোস্বামীয়ে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত টেনিছ খেলা আৰম্ভ কৰিছিল। ১৯৭৪-৭৫ চনত তেওঁ ডেভিড কাপ’ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৭৮ চনত ইণ্ডিয়ান নেচনেল ডাবলছ খিতাপ লাভ কৰাৰ লগতে ১৯৭৯ চনত লাভ কৰিছিল একক খিতাপ । তাৰ পিছতেই বিদ্যুৎ কুমাৰ গোস্বামীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উৰা মাৰে। তাত তেওঁ ‘দ্য ৱেষ্টচেষ্টাৰ কাউন্টী ক্লাব’ৰ ‘হেড’ হিচাপে নিযুক্তি লাভ কৰে। ১৯৮১ চনত বিদ্যুৎ কুমাৰ গোস্বামীয়ে কলম্বিয়া বিশ্ববিদ্যালয়ৰ টেনিছৰ পুৰুষ প্রশিক্ষক হিচাপে যোগদান কৰে।

৩৭ বছৰীয়া কেৰিয়াৰত বিদ্যুৎ কুমাৰ গোস্বামীয়ে কলম্বিয়া টেনিছৰ সফল ভবিষ্যতৰ সুদৃঢ় ভেটি স্থাপন কৰে। ৪৯৩-১৯৬ টা অভিলেখেৰে কলম্বিয়া টেনিছৰ ইতিহাসত সৰ্বাধিক বিজয়ীৰ প্ৰশিক্ষক হিচাপে অনন্য স্থান দখল কৰিছে বিদ্যুৎ কুমাৰ গোস্বামীয়ে। ২০১৩–১৮ চনত পাঁচটা কনফাৰেন্স চেম্পিয়নশ্বিপকে ধৰি ১৪টা আইভী লীগৰ খিতাপ দখল কৰিছে তেওঁ । তেওঁ কলম্বিয়াক 13 NCAA প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ দিছে আৰু NCAA SWEET 16 লৈ আগবঢ়াই দিছে। আইভী লীগৰ ইতিহাসত প্ৰথম শীর্ষ পাঁচটা ৰাষ্ট্ৰীয় বেংকিং লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ যিদৰে ‘চাৰিটা ‘অল আমেৰিকা’ সম্মান লাভ কৰিছে, তেনেদৰে সাতবাৰকৈ আইভী লীগৰ বৰ্ষশ্রেষ্ঠ খেলুৱৈৰো সম্মান লাভ কৰিছে । তদুপৰি বিদ্যুৎ কুমাৰ গোস্বামীয়ে ৪৬ বাৰ ‘অল আইভী লীগ’ৰ ডাবলছ খেলুৱৈৰ সম্মান লাভ কৰাৰ লগতে ৬৯ বাৰ ‘অল আইভী লীগ’ৰ একক খেলুৱৈৰ সন্মান লাভ কৰিছে। ইয়াৰ উপৰি গোস্বামীয়ে লায়নছ ইন্টাৰ কলেজিয়েট টেনিছ এছ’চিয়েচন (ITA) ইণ্ডোৰ টীম চেম্পিয়নশিপ’ৰ চাৰিবাৰ SWEET 16 লৈ নেতৃত্ব দিয়ে। প্রতিযোগিতাখনৰ ইতিহাসত কলম্বিয়া হৈছে একমাত্র আইভী লীগ স্কুল, যিয়ে ছুইট ১৬ত প্রৱেশ কৰিছে। ১৯৭৯ চনৰ পৰা ২০১০ লৈ এই ৩৩ বছৰত ১৭টা পুৰুষৰ খিতাপ আৰু ৮টা মহিলা চেম্পিয়নশিপৰ খিতাপ লাভ কৰা ফেন্সিং প্রশিক্ষক জর্জ কলম্বাটোভিচৰ পিছতে ১৪টা আইভী লীগ খিতাপেৰে বিদ্যুৎ কুমাৰ গোস্বামীয়ে ২য় স্থানত নিজৰ নাম খোদিত কৰিছে। ২০১৫ চনত প্ৰথমবাৰৰ বাবে ‘আইভী লীগ’ৰ পুৰুষ টেনিছৰ প্রশিক্ষক হিচাপে নিৰ্বাচিত হৈছিল গোস্বামী | সু-সম্পর্ক গেঢ়ি তোলা গোস্বামীৰ প্ৰশিক্ষণৰ এক অলংকাৰ | সদায় সুস্থ পৰিবেশৰ মাজত আত্মবিশ্বাসেৰে প্রশিক্ষণ দিছিল তেওঁ, যাতে তেওঁৰ দলটোৱে নিশ্চিত বিজয়ৰ দিশে আগবাঢ়ে । ক্রীড়াসুলভ মানসিকতাৰ উপৰিও বিদ্যুৎ কুমাৰ গোস্বামীৰ নম্রতাই সকলোকে আকৰ্ষিত কৰিছিল । তেওঁৰ প্ৰশিক্ষণ আনৰ লগত তুলনাবিহীন |

২০১৯ চনত অৱসৰ গ্ৰহণৰ পিছত কলম্বিয়াৰ পুৰুষ টেনিছৰ মুখ্য প্রশিক্ষকৰ পদটো তেওঁৰ নামেৰে নামাংকিত কৰিছিল আৰু ২ নিযুত মার্কিন ডলাৰেৰে আৰম্ভ কৰিছিল বিদ্যুৎ কুমাৰ গোস্বামী ‘হেড কোচ অব মেনছ টেনিছ’ নিধি। এয়া কলম্বিয়াৰ ইতিহাসত প্রথম। ২০১৫ চনত তেওঁ লাভ কৰিছিল “আইভী কোচ অব দ্য ইয়েৰ’ সন্মান। ২০১৯ চনতো পুনৰ এই সম্মান লাভ কৰিছিল বিদ্যুৎ কুমাৰ গোস্বামীয়ে। একেটা বর্ষতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্টাৰ কলেজিয়েট টেনিছ এছ’চিয়েচনে’ ‘ইউলচন/ITA নেচনেল মেনছ টেনিছ কোচ অব দ্য ইয়েৰ’ৰ বাবে নিৰ্বাচন কৰিছিল বিদ্যুৎ কুমাৰ গোস্বামীৰ নাম | কলম্বিয়া বিশ্ববিদ্যালয়ৰ টেনিছ ক্ষেত্ৰখনত বিদ্যুৎ কুমাৰ গোস্বামীৰ প্ৰভাৱ অপৰিসীম । যাৰ বাবে ‘হল অব দ্য ফেমত’ অন্তর্ভুক্ত হোৱাতো বিদ্যুৎ কুমাৰ গোস্বামীৰ বাবে প্ৰকৃতাৰ্থত এক প্রাপ্য সম্মান।

Leave A Reply

Your email address will not be published.