স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি আলফা (স্বাঃ)ৰ শিবিৰলৈ গৈয়ে আছে অসমীয়া যুৱক

0 839

ম্যানমাৰৰ শিবিৰত আলফা (স্বাঃ)ৰ সাম্প্ৰতিক অৱস্থা দেখি পলায়নৰ চেষ্টা কৰোঁতে ইজনৰ পিছত সিজন যুৱকৰ হত্যাৰ ঘটনায়ো তলাব পৰা নাই একাংশ যুৱকক। স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি আলফা (স্বাঃ)ৰ শিবিৰলৈ গৈয়ে আছে অসমীয়া যুৱক। কালি নাৰায়ণপুৰৰ এজন সেনা জোৱানৰ পিছত এইবাৰ গোলাঘাটৰ পৰা আহিছে আন এক খবৰ। গুৱাহাটীত অভিযান্ত্ৰিকৰ শিক্ষা গ্ৰহণ কৰি থকা গোলাঘাটৰ বৰপথাৰৰ মানস বৰগোহাঁয়ো গ’ল আলফা (স্বাঃ)লৈ। অকলশৰীয়া পিতৃ-মাতৃৰ আকুল আহ্বান পৰেশ বৰুৱালৈ- উভতি আহিব খুজিলেও যেন ক্ষতি নকৰে মানসক।

৩০ অক্টোবৰত মৰাণৰ পলাশ কোঁৱৰৰ যোগদানৰ খবৰ
৩১ অক্টোবৰত নাৰায়ণপুৰৰ সেনা জোৱান পৱন নেওগৰ যোগদানৰ খবৰ
আৰু ১ নৱেম্বৰত গোলাঘাটৰ মানস বৰগোহাঁইৰ যোগদানৰ খবৰ

নাম মানস বৰগোহাঁই। ঘৰ গোলাঘাট বৰপথাৰৰ টেঙাহোলাত। অসুস্থ মাক-দেউতাকৰ একমাত্ৰ সন্তান মানস। মাক-দেউতাকৰ লালন পালনত শিক্ষা দীক্ষাৰে দিক্ষিত হৈ গুৱাহাটীত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি আছিল মানস বৰগোহাঁইয়ে। মাক-দেউতাকৰ সহায়তে দুখনকৈ বিলাসী গাড়ী কিনি ব্যৱসায়ো আৰম্ভ কৰিছিল মানসে। মাক-দেউতাকৰ হিয়াৰ আমঠু, বুকুৰ আপোন একমাত্ৰ সন্তান মানস এতিয়া ডাঙৰ হ’ল। এতিয়া আৰু মাক দেউতাকক নালাগে। মানসক লৈ মাক-দেউতাকে ইমানদিনে দেখি অহা সপোনবোৰো সপোন হৈয়ে থাকিল। স্বাধীন অসমৰ অলীক স্বপ্ন বুকুত সাৱটি আলফা (স্বাঃ)ত যোগদান কৰিলে মানস বৰগোহাঁইয়ে।

বিগত ছয় বছৰে পিতৃ-মাতৃৰ সৈতে বৰ বেছি কথা বতৰা নাপাতিছিল হেনো মানসে। ঘৰলৈও কেতিয়াবাহে যায়। এমাহমান পূৰ্বে মাজনিশা ঘৰলৈ গৈ দুঘন্টামান থাকিয়ে গুছি আহে মানস। বুধবাৰে সাংবাদিকৰ মুখতহে পিতৃ-মাতৃয়ে গম পালে মানসৰ আলফা (স্বাঃ)ত যোগদানৰ খবৰ। খবৰ শুনি শোকত ভাগি পৰিল অসহায় পিতৃ-মাতৃ। কিনো কৰিব মাক-দেউতাকে! দেউতাকে সাংবাদিকক ক’লে- সি য’তেই আছে কুশলে থাকক।

দেউতাকবোৰৰ মন ডাঠ। কিন্তু পুত্ৰৰ আলফা (স্বাঃ)লৈ যোৱাৰ খবৰ শুনি নকন্দাকৈনো কেনেকৈ থাকে মাক? ইপিনে আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে নতুন কেডাৰৰ হত্যাৰ খবৰে ব্যাকুল কৰি তুলিছে মানসৰ মাকক। পৰেশ বৰুৱালৈ মাকৰ মুকলি আহ্বান- উভতি আহিব খুজিলে যেন ক্ষতি নকৰে মানসক।

আলফা (স্বাঃ)ৰ ম্যানমাৰ শিবিৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মানস বৰগোহাঁইয়ো সম্পূৰ্ণৰূপে জ্ঞাত। সংগঠনৰ সকলো চৰ্ত মানি লৈয়ে হেনো আলফা (স্বাঃ)ত যোগদান কৰিছে মানসে। সংগঠনৰ নীতি নিয়ম উলংঘা কৰিলে পাবলগীয়া সাম্ভাব্য শাস্তিও মূৰ পাতি ল’বলৈ সাজু মানস বৰগোহাঁই।

মন কৰিবলগীয়া যে গুৱাহাটীত পঢ়া-শুনা কৰি থকা অৱস্থাতে আলফা (স্বাঃ)ৰ সৈতে বিগত বহুদিন ধৰি সংস্পৰ্ষত আছিল মানস বৰগোহাঁই। মাজতে আলফা (স্বাঃ)ত যোগদান কৰিম মুকলি ফেচবুক প’ষ্ট দিও খলকনি তুলিছিল মানসে। এই যুৱকজনক লৈয়ে অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান জনাইছিল আলফা (স্বাঃ)-এ। মানসৰ আলফা (স্বাঃ)ত যোগদানত বাধা দি চাওক।

Leave A Reply

Your email address will not be published.