দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত নাম নাই অসমৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যৰহেঃ মন্ত্ৰী পীযুষ হাজৰীকা

দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম নাই। ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যবোৰহে। দেশত ঋণ লোৱাৰ শীৰ্ষত আছে কেৰেলা ৰাজ্য। আজি বিধানসভাৰ চৌহদত অসমে ঋণ লোৱা প্ৰসংগত সোচ্ছাৰ হোৱা বিধায়ক অখিল গগৈক এনেদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। বিধায়ক অখিল গগৈক উভতি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে, দেশত ঋণ লোৱাৰ শীৰ্ষ আছে কেৰেলা, পঞ্জাৱ, পশ্চিম বংগৰ দৰে ৰাজ্য। ঋণ লোৱাৰ তালিকাত অসম বহুত পিছুৱাই আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ সাংবাদিকৰ আগত কয় যে, ৰাজ্য চৰকাৰে এফআৰবিএম এক্ট আৰু আৰবিআই গাইডলাইন মতেহে ঋণ লৈ আছে। নিয়ম মতে অসম চৰকাৰে যিমান ঋণ ল’ব পাৰে প্ৰত্যেক বছৰে আজিলৈকে সিমান পৰিমাণৰ ঋণ লোৱাই নাই। এনেবোৰ নিয়মৰ কথা বিধায়ক অখিল গগৈয়ে জানিও নজনাৰ ভাও ধৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এফালে চৰকাৰে ঋণ লোৱা কাৰ্যৰ প্ৰতিবাদ, আনফালে ঋণৰ টকাৰে অখিল গগৈয়ে নিজা সমষ্টিত উন্নয়নমূলক কাম হোৱাটোও বিচাৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আন বিধায়কসকলতকৈ বেছি টকাহে বিচাৰে বিধায়ক অখিল গগৈয়ে। ঋণৰ টকাৰে সমষ্টিৰ কাম কৰিবলৈ কোৱা অখিল গগৈয়ে ঋণ নল’বলৈ কোৱা কথাৰ ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...