অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান

সাংস্কৃতিক পৰিক্রমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত “অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা” প্ৰদান অনুষ্ঠান।

একোজন স্ৰষ্টাৰ অশেষ পৰিশ্ৰম আৰু অবিৰত সাধনাৰ ফলত জন্ম হয় একোখন কথাছবিৰ। এখন ছবি নিৰ্মাণৰ লগত শিল্পী, কলা-কুশলীকে ধৰি বহু সাধাৰণ, অসাধাৰণ লোকৰ পৰিশ্ৰম জড়িত হৈ থাকে।

চলচ্চিত্ৰ হৈছে সমসাময়িক নানান সামাজিক সমস্যা তথা নানা ঘটনা পৰিঘটনাৰ প্ৰতিচ্ছবি। সুৰুচিপূর্ণ কথাছবি হৈছে সংস্কৃতিৰ বাহক। চলচ্চিত্র কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰং ই এখন সমাজৰ দাপোন স্বৰূপ। শিশু, যুৱক-যুৱতীৰ মানসিক বিকাশ সাধনত চলচ্চিত্ৰৰ ভূমিকা অপৰিসীম। অসমৰ সাংস্কৃতিক জগতখনৰ সর্বাঙ্গীন উন্নয়নৰ কথা চিন্তা কৰি চলচ্চিত্র জগতখনকো সমান্তৰালভাবে আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে কিছুমান অর্থবহ আঁচনি হাতত লৈছে। অসমীয়া কথাছবিৰ নিৰ্মাতাসকলক উৎসাহিত কৰাৰ বাবেও চৰকাৰৰ তৰফৰ পৰা যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছে।

অসমৰ কথাছবি উদ্যোগটোৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। ৰাজ্যৰ বন্ধ হৈ থকা ছবিগৃহ সমূহ পুনৰ মুকলি, পুৰণি ছবিগৃহৰ নবীকৰণ আৰু নতুন ছবিগৃহ নিৰ্মাণৰ বাবে অসম চৰকাৰে বিগত সময়ত ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি অসমৰ কথাছবি উদ্যোগটোৰ সৈতে জড়িত শিল্পী কলাকুশলী সকলক উৎসাহ যোগোৱাৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কৰি অহা হৈছে। এইবাৰ কথাছবি আৰু চুটি ছবি তথা তথ্যচিত্ৰৰ বিভিন্ন শাখাত ২০১৮ আৰু ২০১৯ দুয়োটা বছৰৰ বাবে পৃথককৈ ৪০টা শিতানত বঁটা প্ৰদান কৰা হৈছে।

এই অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা সীমা বিশ্বাস, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক মানৱ ডেকা, অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, পৰিচালন সঞ্চালিকা মণিদীপা বৰকটকী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদ্দুৰী, সঞ্চালিকা মীনাক্ষি দাস নাথ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ তাৰকা সকল, বিশিষ্ট সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...