মঞ্জু বৰা, লিনা শৰ্মা, কাবেৰী শৰ্মা, শান্তি দলেলৈ সদিচ্ছা বঁটা; জবা দাসলৈ সদিচ্ছা সাংবাদিক সন্মান, ২০২৩

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ চান্দমাৰি কলনীস্থিত পেঞ্চনাৰ ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ গৰাকী বিদূষী মহিলাক “সদিচ্ছা বঁটা ২০২৩” প্ৰদান কৰা হয় । উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাই বিগত তিনিবছৰ ধৰি প্ৰতিবছৰে বিভিন্ন ক্ষেত্ৰৰ নাৰীলৈ বঁটা প্ৰদান কৰি আহিছে। আজি অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্য হাজৰিকা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিশিষ্ট শিল্পী মনীষা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক , সদিচ্ছাৰ মুখ্য উপদেষ্টা প্ৰণয় বৰদলৈ আৰু অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া, সদিচ্ছাৰ উপদেষ্টা গায়ত্ৰী বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।

এইবছৰৰ অৰুণা বৰুৱা সোঁৱৰণি সদিচ্ছা সমাজসেৱা বঁটা দেহ ব্যৱসায়ত লিপ্ত প্ৰায় ৩,০০০ মহিলাক সংস্থাপনৰ দিহা কৰা গল্ড স্বেচ্ছাসেৱী সংগঠনৰ কাৱেৰী শৰ্মাক প্ৰদান কৰা হয়।

ইফালে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাক প্ৰদান কৰা হয় আৰাধনা বৰুৱা সোঁৱৰণি সদিচ্ছা সাংস্কৃতিক বঁটা ২০২৩।

মিনতি বৰুৱা সোঁৱৰণি সদিচ্ছা সাহিত্য বঁটা ২০২৩ লাভ কৰে বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই ।

সদিচ্ছা উদ্যোগী বঁটা ২০২৩ বঁটা ‘এলফ্ৰেস্ক’ গ্ৰেণ্ড’ জাহাজত নৌকা বিহাৰৰে অসমত নৌকা পৰ্যটনত অগ্ৰণী ভূমিকা লোৱা শান্তি দলেক প্ৰদান কৰা হয়। বঁটা প্ৰাপকসকলক ফুলাম গামোচা, অংগ বস্ত্ৰ, ফুলৰ কলি, স্মাৰক ট্ৰফীৰ লগতে ১০,০০০ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে উদীয়মান সাংবাদিক জবা দাসক দিয়া হয় সদিচ্ছা সাংবাদিক সন্মান, ২০২৩।

‘সদিচ্ছা’ৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণ আগবঢ়াই সদিচ্ছাৰ যাত্ৰাপথত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায়। ভাষণ প্ৰসংগত সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই ‘সদিচ্ছা’ৰ প্ৰয়াসৰ শলাগ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...