প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য মন্ত্ৰী পীযুষ হাজৰীকাৰ

প্ৰয়াত জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ পৰিয়াললৈ আজি মন্ত্ৰী পীযুষ হাজৰীকাই এক লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্তৰ সৈতে হোৱা আলোচনা মৰ্মে জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ব্যক্তিগতভাৱে এই সাহায্য আগবঢ়ায় প্ৰয়াত পূৰ্বজ্যোতি চুতীয়াৰ পত্নী জোনটি বৰাক। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক এই বদন্যতাৰ বাবে প্ৰয়াত সাংবাদিকগৰাকীৰ পত্নী জোনটি বৰাই ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা পূৰ্বজ্যোতি চুতীয়াৰ ২০২১ চনত ৫২ বছৰ বয়সত গুৱাহাটীত অসুস্থ হৈ আকস্মিক মৃত্যু ঘটে। ৰাজ্যখনৰ কেইবাটাও আগশাৰী সংবাদগোষ্ঠীৰ সৈতে জড়িত আছিল। আজি, দৈনিক বাতৰি কাকত, আমাৰ অসম, জনসাধাৰণ, নিয়মীয়া বাৰ্তা আদি কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰিছিল প্ৰয়াত চুতীয়াই। মৃত্যুৰ সময়লৈকে তেওঁ নিয়মীয়া বাৰ্তা কাকতত নিউজ এডিটৰ হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে জ্যেষ্ঠ সাংবাদিক চুতীয়া জনসাধাৰণ কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...