ভূপেন বৰাই ৰাজনীতিৰ পৰা সন্ন্যাস লওঁকঃ ড০ অমিয় কুমাৰ ভূঞা

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ লগতে সমষ্টিটোৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে। নেতৃত্ব, দল আৰু পাঁচমহীয়া কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজে বিজেপি মিত্ৰজোঁটৰ সপক্ষে ৰায়দান দিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে বিধায়কগৰাকীয়ে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ বিকল্প আৰু নাই বুলি অৱগত কৰে ৷ ইয়াৰ উপৰি বিধায়কজনে ভূপেন বৰাক বিহপুৰীয়াৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে বুলিও কয়। বিহপুৰীয়াৰ ৰাইজে প্ৰত্যাখ্যান কৰাজনে অসমৰ ৰাইজৰ ওচৰত দম্ভালী মাৰিব গৈছিল বুলি তীৰ্যক মন্তব্য আগবঢ়ায় ড০ ভূঞাই ৷

Popular

More like this
Related

৩০ লাখ বন্তিৰ পোহৰত উজলি উঠিল অযোধ্যা, দশম বাৰ্ষিক দীপোৎসৱ পালন

দীপাৱলীৰ প্ৰাকক্ষণত পোহৰৰ উৎসৱেৰে উজলি উঠিল ৰামনগৰী অযোধ্যা। বৰ্ণাঢ্য...

পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক পুৰণি পেঞ্চন নীতি (OPS)ৰ অধীনলৈ অনাৰ...

পোলেণ্ডৰ ক্ৰাক’ৱত ভয়ংকৰ গুলীচালনা, নিহত ৫জন

পোলেণ্ডৰ ক্ৰাক’ৱৰ জনবহুল মেইন মাৰ্কেট স্কোৱেৰত সংঘটিত হৈছে ভয়ংকৰ...

কটন বিশ্ববিদ্যালয়ত INTACH ৰাষ্ট্ৰীয় ঐতিহ্য কুইজ ২০২৬, প্ৰথম স্থানত মহৰ্ষি বিদ্যা মন্দিৰৰ দল

ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আৰু...