মণিপুৰৰ ননি জিলাত পুনৰ সংঘটিত হৈছে ৰক্তক্ষয়ী সংঘৰ্ষ। শনিবাৰে পুৱাৰ ভাগত দুটা সশস্ত্ৰ গোটৰ মাজত হোৱা গুলীয়াগুলীত নিহত হয় তিনিগৰাকী কুকি যুৱক। ঘটনাটো সংঘটিত হৈছে জিলাখনৰ কেকৰু নগা গাঁৱত। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বন্দুক, গুলী, ড্ৰ’ন আৰু কেইবাটাও বোমা উদ্ধাৰ কৰিছে।
নিহত যুৱককেইজনৰ নাম থাংলেনসাং সিংন, থাংখোছেই হাওকিপ আৰু লামিনসাং কিপগেন। তিনিওগৰাকী যুৱক চূড়াচান্দপুৰ জিলাৰ বাসিন্দা আছিল।
কুকি সংগঠন ‘কুকি ইনপি মণিপুৰ’ৰ দাবী অনুসৰি, নিহত যুৱককেইজন গাঁওখনৰ নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত আছিল আৰু নগা সশস্ত্ৰ গোটৰ সদস্যই তেওঁলোকক হত্যা কৰে। অৱশ্যে আৰক্ষীৰ ভাষ্য অনুসৰি, দুটা সশস্ত্ৰ গোটৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই যুৱককেইজনৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, ২৯ অক্টোবৰৰ পৰাই অঞ্চলটোত মাজে মাজে গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈ আহিছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
ইফালে, কুকি সংগঠনটোৱে অভিযোগ কৰিছে যে অঞ্চলটোত নিৰাপত্তাজনিত আশংকা থকাৰ বিষয়ে পূৰ্বৰে পৰা প্ৰশাসনক অৱগত কৰা হৈছিল যদিও প্ৰশাসনে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাছিল। ফলত স্থানীয় লোকসকলে নিজৰ সুৰক্ষাৰ স্বাৰ্থত অস্ত্ৰ হাতত লৈ গাঁওখন পহৰা দিবলৈ বাধ্য হৈছিল। এই ঘটনাৰ বাবে স্থানীয় ৰাইজে মণিপুৰ চৰকাৰ আৰু প্ৰশাসনৰ নিষ্ক্ৰিয়তাক জগৰীয়া কৰিছে।
আনহাতে, একেদিনাই ইম্ফলত মেইটেই আৰু নগা সংগঠনসমূহে একত্ৰিত হৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। ২০২৩ চনত মণিপুৰত জাতিগত হিংসা আৰম্ভ হোৱাৰ পিছত এয়া অন্যতম বৃহৎ সমাৱেশ বুলি প্ৰকাশ পাইছে।
শেহতীয়াকৈ তিনিগৰাকী মেইটেই যুৱক উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰিয়েই এই প্ৰতিবাদৰ সূত্ৰপাত হয়। প্ৰতিবাদী সমদলটো টিড্ডিম গ্ৰাউণ্ডৰ পৰা আৰম্ভ হৈ পশ্চিম ইম্ফলৰ থাউ (THAU) খেলপথাৰত সামৰণি পৰে।
এই প্ৰতিবাদী সমাৱেশৰ পৰা কেন্দ্ৰীয় চৰকাৰক ‘প্ৰক্সি যুদ্ধ’ আৰু ‘নাৰ্কো-টেৰ’ৰিজম’ বন্ধ কৰাৰ আহ্বান জনোৱা হয়। লগতে ম্যানমাৰ সীমান্তৰ পৰা অসম ৰাইফলছক আঁতৰাই সম্পূৰ্ণ নিৰপেক্ষ নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ দাবী উত্থাপন কৰা হয়।
ইয়াৰ উপৰি ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্ৰৱৰ্তন আৰু গৃহহীন তথা গৃহচ্যুত লোকসকলৰ পুনৰ সংস্থাপনৰ দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
আন এক উল্লেখযোগ্য বিষয় হিচাপে মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনৰ স্বামীৰ বিৰুদ্ধে সাধাৰণ নাগৰিক হত্যাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ পদত্যাগৰ দাবী জনোৱা হয়।
সাম্প্ৰতিক সময়ত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি, জাতিগত সংঘাত আৰু বিভিন্ন সংগঠনৰ প্ৰতিবাদে ৰাজ্যখনৰ পৰিস্থিতিক পুনৰ উত্তপ্ত কৰি তুলিছে।
