গুৱাহাটীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান। বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান। মহিলা সৱলীকৰণ, কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ আৰু সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে অপৰূপা গোটে এই অনুষ্ঠানৰ আয়োজন কৰিছে।
অনুষ্ঠানৰ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পূৰৱী ৰয়, বিশিষ্ট লেখক ড০ দয়ানন্দ পাঠককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে মহিলাৰ সামাজিক অৱদান, কৰ্কট ৰোগৰ সজাগতা আৰু সমাজ গঠনত নাৰীৰ ভূমিকাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
এই অনুষ্ঠানতে অপৰূপা গোটৰ মুখপত্ৰ তথা স্মৰণিকা ‘অপৰূপা’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লগতে ২০২৬ বৰ্ষৰ ‘স্নেহ দেৱী সোঁৱৰণী’ উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা মালামণি হাজৰিকাৰ ‘অন্তহীন অমানিশা’ শীৰ্ষক উপন্যাসখনো উন্মোচন কৰা হয়।
অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য কাৰ্যসূচী হৈছে মহিলা কৰ্কট ৰোগীসকলক সন্মান প্ৰদান। এই উপলক্ষে অৰ্ধশতাধিক মহিলা কৰ্কট ৰোগীক ‘অপৰূপা মহীয়সী যুঁজাৰু নাৰী বঁটা’ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বঁটাৰ লগতে প্ৰতিগৰাকী বঁটাপ্ৰাপকলৈ নগদ ১০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়াব অপৰূপা গোটে। কৰ্কট ৰোগৰ সৈতে যুঁজ দি থকা মহিলাসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ সাহস আৰু জীৱন সংগ্ৰামক স্বীকৃতি প্ৰদান কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
ইফালে, অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনিতা ৰাজৰ উপস্থিতিও বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
আনহাতে, সমাজ আৰু নিজ নিজ কৰ্মক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ব ‘প্ৰয়াত নিপন গোস্বামী সোঁৱৰণী বঁটা’। এই বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ ভিতৰত আছে ক্ৰীড়াবিদ অলি ডেকা, অভিনেত্ৰী জেৰিফা ৱাহিদ, মাধুৰীমা চৌধুৰী, নৃত্যশিল্পী কমল নাথ আৰু উদয় শংকৰ।
উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি অপৰূপা গোটে কৰ্কট ৰোগৰ সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বিশেষকৈ কৰ্কট ৰোগত আক্ৰান্ত মহিলাসকলৰ কাষত থিয় দিয়া, তেওঁলোকক মানসিক সাহস প্ৰদান কৰা আৰু আৰ্থিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত গোটটোৱে কাম কৰি আহিছে।
সামাজিক দায়বদ্ধতা, নাৰীৰ সন্মান আৰু কৰ্কট ৰোগীৰ প্ৰতি সহমৰ্মিতাৰ বাৰ্তা কঢ়িয়াই অনা এই অনুষ্ঠানৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা মহিলাসকলক উৎসাহিত কৰাৰ লগতে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ এক ইতিবাচক প্ৰয়াস কৰা হৈছে।
