এছিয়াৰ শক্তিশালী দেশৰ তালিকাত তৃতীয় স্থান লাভ ভাৰতৰ, দ্বিতীয় প্ৰভাৱশালী নেতা নৰেন্দ্ৰ মোদী

এছিয়াৰ শক্তিশালী দেশসমূহৰ তালিকাত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ভাৰতে। Lowy Institute-ৰ Asia Power Index 2026-ত ভাৰতক এচিয়াৰ তৃতীয় শক্তিশালী দেশ হিচাপে স্থান দিয়া হৈছে। আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ পাছতে দ্বিতীয়গৰাকী প্ৰভাৱশালী আঞ্চলিক নেতা হিচাপে স্বীকৃতি দিয়া হৈছে।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ২০২৬ চনত ভাৰতৰ শক্তি সূচকাংক ০.৫ পইণ্ট বৃদ্ধি পাই ৪০.৫ত উপনীত হৈছে। ইয়াৰ ফলত এচিয়াৰ প্ৰথম আৰু দ্বিতীয় স্থানত থকা আমেৰিকা আৰু চীনৰ সৈতে ভাৰতৰ ব্যৱধান পূৰ্বতকৈ কিছু হ্ৰাস পাইছে। আমেৰিকাই ৭৮.৯ আৰু চীনে ৭৩.৬ পইণ্ট লাভ কৰি নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

প্ৰতিবেদনত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ আঁৰত প্ৰতিৰক্ষা সহযোগিতা, BRAHMOS ক্ষেপণাস্ত্ৰৰ ৰপ্তানি আৰু বিভিন্ন দেশৰ সৈতে সুস্থিৰ বাণিজ্যিক তথা বিনিয়োগ সম্পৰ্কক অন্যতম কাৰণ হিচাপে উল্লেখ কৰা হৈছে।

বিশেষকৈ সাংস্কৃতিক প্ৰভাৱৰ ক্ষেত্ৰত ভাৰতে এইবাৰ সৰ্বাধিক ২.৩ পইণ্ট উন্নতি লাভ কৰিছে। ইয়াৰ উপৰি প্ৰতিৰক্ষা নেটৱৰ্কত ২.১ পইণ্ট, ভৱিষ্যতৰ সম্পদৰ ক্ষেত্ৰত ১.২ পইণ্ট আৰু সামৰিক সক্ষমতাত ০.৫ পইণ্ট বৃদ্ধি ঘটিছে। অৱশ্যে অৰ্থনৈতিক সক্ষমতাৰ সূচকাংকত ০.৭ পইণ্ট হ্ৰাস পাইছে।

আনহাতে, প্ৰতিবেদনত আমেৰিকা আৰু চীনৰ মাজৰ শক্তিৰ ব্যৱধানো ক্ৰমাৎ হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছে। ২০১৮ চনত সূচকাংক আৰম্ভ হোৱাৰ পাছত এইবাৰ দুয়োখন দেশৰ মাজৰ ব্যৱধান সৰ্বনিম্ন ৫.৩ পইণ্টলৈ নামি আহিছে।

ভাৰতৰ এই স্থান উন্নত হোৱাৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰে। তেওঁৰ মতে, বিগত প্ৰায় ১২ বছৰত অৰ্থনীতি, সামৰিক শক্তি আৰু বিত্তীয় ক্ষেত্ৰত ভাৰতে যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

উল্লেখ্য যে Lowy Institute-ৰ Asia Power Index-ৰ ২০২৬ সংস্কৰণত ২৭খন দেশ আৰু অঞ্চলৰ শক্তি তথা প্ৰভাৱ ১৩১টা সূচকৰ ভিত্তিত মূল্যায়ন কৰা হৈছে। এই প্ৰতিবেদনত ভাৰতৰ ক্ৰমবৰ্ধমান আঞ্চলিক প্ৰভাৱ আৰু বিশ্ব ৰাজনীতিত দেশখনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ছবিখন পুনৰ স্পষ্ট হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৬টা দশকৰ সংগ্ৰাম আৰু ঐতিহ্যৰ স্মৃতিৰে আছুৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভ, উন্মোচন বিশেষ ল’গ’

অসমৰ ছাত্ৰ আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিচিত...

ৰাজস্থানত ২৩ লাখৰো অধিক ছাত্ৰীক দিয়া হ’ব আত্মৰক্ষাৰ প্ৰশিক্ষণ

নাৰী সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ...

ভাৰত-নেপালৰ মাজত ৮খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ, ৬৬৯ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পসহ একাধিক উন্নয়নমূলক পদক্ষেপ

স্বাস্থ্য, পৰম্পৰাগত চিকিৎসা, মহাকাশ প্ৰযুক্তি, নিৰাপত্তা, আন্তঃগাঁথনি আৰু জলবিদ্যুৎ...

NO VOTE, NO LIGHTS! নিৰ্বাচনত পৰাজয়ৰ পিছতে আঁতৰাই নিয়া হ’ল ৫০টা ষ্ট্ৰীট লাইট!

নিৰ্বাচনত পৰাজয়ৰ পিছতে গাঁওখনৰ পৰা আঁতৰাই নিয়া হ’ল প্ৰায়...