অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে। UPIৰ জৰিয়তে ৫ হাজাৰ টকা প্ৰেৰণ কৰি অপহৰণকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হ’ল আৰক্ষী। অৱশেষত মাত্ৰ তিনি ঘণ্টাৰ অভিযানতে উত্তৰ-পূব দিল্লীৰ পৰা ১৩ বছৰীয়া এগৰাকী কিশোৰক অপহৰণকাৰীৰ কবলৰ পৰা সুকলমে উদ্ধাৰ কৰাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আকাশ নামৰ এজন ব্যক্তিয়ে কিশোৰজনক অপহৰণ কৰি তেওঁৰ মুক্তিৰ বিনিময়ত মাতৃৰ পৰা ৪০ হাজাৰ টকা মুক্তিপণ দাবী কৰিছিল। শনিবাৰে ৩০ অক্টোবৰত ঘটনাটো পোহৰলৈ আহে। সেইদিনা শ্বাহদাৰাৰ জ্যোতি নগৰ আৰক্ষী থানাত এগৰাকী মহিলাই পুত্ৰ সন্ধানহীন হোৱা বুলি অভিযোগ দাখিল কৰে। মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁৰ পুত্ৰ কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল যদিও বহু সময় ধৰি ঘৰলৈ উভতি অহা নাছিল।

ইয়াৰ পিছতে মহিলাগৰাকীলৈ এজন অচিনাক্ত ব্যক্তিৰ ফোন আহে। ফোনযোগে ব্যক্তিজনে কিশোৰজনক মুকলি কৰি দিয়াৰ বিনিময়ত ৪০ হাজাৰ টকা দাবী কৰে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে কিশোৰজনক উদ্ধাৰ আৰু অপহৰণকাৰীক গ্ৰেপ্তাৰৰ বাবে এটা বিশেষ দল গঠন কৰে।

তদন্তৰ সময়ত অপহৰণকাৰীজনে পুনৰ মহিলাগৰাকীক ফোন কৰি UPIৰ জৰিয়তে ধন আদায় দিবলৈ কয়। ইয়াৰ বাবে তেওঁ এটা QR ক’ড প্ৰেৰণ কৰে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধান উলিওৱাৰ উদ্দেশ্যে আৰক্ষীৰ এগৰাকী জোৱানৰ একাউণ্টৰ জৰিয়তে সেই QR ক’ডত ৫ হাজাৰ টকা প্ৰেৰণ কৰে।

আৰক্ষীৰ কাৰিকৰী নজৰদাৰীত পোহৰলৈ আহে যে কৰৱাল নগৰৰ এখন চাইবাৰ কেফেত এই ধনৰ লেনদেন হৈছিল। তদন্তকাৰী দলটোৱে কেফেখনত উপস্থিত হৈ স্বত্বাধিকাৰীৰ সৈতে যোগাযোগ কৰে। কেফেৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে যে এজন ব্যক্তিয়ে এগৰাকী নাবালকক লগত লৈ কেফেলৈ আহিছিল আৰু তেওঁৰ UPI QR ক’ড ব্যৱহাৰ কৰি ৫০ টকা কমিছনৰ বিনিময়ত ৫ হাজাৰ টকা গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে আৰক্ষীয়ে কেফেখনৰ CCTV ফুটেজ পৰীক্ষা কৰে। ফুটেজত থকা কিশোৰজনক মহিলাগৰাকীয়ে নিজৰ সন্ধানহীন পুত্ৰ বুলি চিনাক্ত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে একেটা QR ক’ডৰ জৰিয়তে পুনৰ ৫ হাজাৰ টকা প্ৰেৰণ কৰি অভিযুক্তজনক কেফেখনলৈ ঘূৰি আহিবলৈ প্ৰলোভিত কৰে।

আৰক্ষীৰ পৰিকল্পনা অনুসৰিয়েই অভিযুক্ত আকাশ কিশোৰজনক লগত লৈ পুনৰ চাইবাৰ কেফেখনত উপস্থিত হয়। সেই সময়তে নগদ ধন সংগ্ৰহ কৰিবলৈ অহা অভিযুক্তজনক কেফেৰ স্বত্বাধিকাৰীৰ সহযোগত আৰক্ষীয়ে আটক কৰে। লগতে কিশোৰজনক নিৰাপদে উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ হাতত গতাই দিয়ে।

আৰক্ষীৰ জেৰাত আকাশে প্ৰকাশ কৰা মতে, তেওঁ সদৰ বজাৰত ডেলিভাৰী সহায়ক হিচাপে কাম কৰিছিল। কিশোৰজনৰ এগৰাকী আত্মীয়ৰ জৰিয়তে তেওঁ কিশোৰজনক চিনি পাইছিল। পিছত নিজৰ স্কুটাৰত উঠিবলৈ প্ৰলোভন দেখুৱাই কিশোৰজনক লগত লৈ গৈছিল আৰু তাৰ পিছতে তেওঁৰ মাতৃলৈ ফোন কৰি মুক্তিপণ দাবী কৰিছিল।

অভিযুক্তজনৰ পৰা আৰক্ষীয়ে ৫ হাজাৰ টকা নগদ ধন, মুক্তিপণ দাবী কৰিবলৈ ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা মোবাইল ফোনটো আৰু অপহৰণৰ সময়ত ব্যৱহাৰ কৰা স্কুটাৰখন জব্দ কৰিছে। আনহাতে, UPI লেনদেনত সহযোগ কৰাৰ বিনিময়ত চাইবাৰ কেফেৰ স্বত্বাধিকাৰীয়ে ৫০ টকা কমিছন লাভ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত আকাশৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক গোচৰ বা অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ তথ্য পোৱা হোৱা নাই। অৱশেষত দিল্লী আৰক্ষীৰ তৎপৰতাত অপহৰণৰ মাত্ৰ তিনি ঘণ্টাৰ ভিতৰতে কিশোৰজনক উদ্ধাৰ কৰি সুকলমে পৰিয়ালৰ সৈতে পুনৰ মিলন ঘটোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

উজ্জয়িনীৰ হোটেলৰ ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ গ’ল ৪ কৰ্মচাৰীৰ

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এখন হোটেলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।...

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিত ডিপ্ল’মা আৰু BTech পাঠ্যক্ৰম আৰম্ভ কৰিব IIT গুৱাহাটীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন...