‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে এই ঘূৰ্ণীবতাহ। সম্ভাৱ্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাৰ দক্ষিণ অংশৰ জিলাসমূহত সতৰ্কতা জাৰি কৰা হৈছে। লগতে সাজু কৰি ৰখা হৈছে NDRFৰ উদ্ধাৰকাৰী দল।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) দেওবাৰে পুৱা ১১.৩০ বজাত প্ৰকাশ কৰা অনুসৰি, ঘূৰ্ণীবতাহ ‘মুৰাছু’ ঘণ্টাত প্ৰায় ২৩ কিলোমিটাৰ বেগেৰে পশ্চিম-উত্তৰ-পশ্চিম দিশে আগবাঢ়িছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, ঘূৰ্ণীবতাহটো বৰ্তমান দক্ষিণ-পশ্চিম আৰু পশ্চিম-মধ্য বংগোপসাগৰৰ সংলগ্ন অঞ্চলত অৱস্থান কৰিছে। ই চেন্নাইৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ, বিশাখাপট্টনমৰ পৰা ৬৬০ কিলোমিটাৰ আৰু নেল্লোৰৰ পৰা ৬৩০ কিলোমিটাৰ দূৰত্বত আছে।
IMDৰ পূৰ্বানুমান অনুসৰি, ২ নৱেম্বৰৰ পুৱাৰ ভাগত ‘মুৰাছু’ই অধিক শক্তি আহৰণ কৰি প্ৰবল ঘূৰ্ণীবতাহৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে ই অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে আগবাঢ়িব।
৩ নৱেম্বৰৰ পুৱতি নিশা অথবা পুৱাৰ ভাগত অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূলত ঘূৰ্ণীবতাহটোৱে স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।
উল্লেখ্য যে, যোৱা সপ্তাহত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ প্ৰভাৱৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ উপকূলত পুনৰ আন এক ঘূৰ্ণীবতাহৰ আশংকাই উদ্বিগ্নতা বৃদ্ধি কৰিছে। ‘মুৰাছু’ৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু প্ৰবল বতাহৰ সম্ভাৱনা আছে।
